July 15, 2024 10:33 AM

views 61

অমৰনাথ গুহা দর্শনৰ বাবে যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ দল কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা

● পৱিত্ৰ অমৰনাথ গুহাৰ বাবে জন্মৰ ভগৱতী নগৰ যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ আন এটি দলে কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা কৰিছে। আজি নিচেই পুৱা ১৬২ খন বাহনেৰে এই তীর্থযাত্ৰীৰ দলটো ৰাওনা হৈছে। এই দলটোত ৩ হাজাৰ ৪৬৪ গৰাকী পুৰুষ, এহেজাৰ ৩৩৩ গৰাকী মহিলা, ১৪টি শিশু, ৬৪ গৰাকী সাধু-সন্ত আছে। ইয়াৰে এহেজাৰ ৯১৮ গৰাকী তীর্থযাত্ৰীয়ে বালটল শিৱিৰৰ পৰা পুৱা ৩ বাজি ৫ মিনিটত যাত্ৰা কৰাৰ বিপৰীতে ২ হাজাৰ ৯৫৭ গৰাকীয়ে পেহেলগাম শিৱিৰৰ পৰা পুৱা ৩ বাজি ৫০ মিনিটত যাত্ৰা কৰে।

July 14, 2024 6:59 PM

views 73

৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ  মূল শিবিৰৰ পৰা অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা

৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল আজি নিচেই পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হৈছে। ইয়াৰে ভিতৰত এহেজাৰ ৮৯৬ গৰাকী তীর্থযাত্ৰী পুৱা ৩ বাজি ৫ মিনিটত বালতল শিবিৰৰ পৰা আৰু ২,৯৯৩ গৰাকী তীর্থযাত্রী পেহলগাম শিবিৰৰ পৰা পুৱা ৩ বাজি ৫৫ মিনিটত ১৮৭ খন সৰুত্বৰ বাহনেৰে পবিত্র গুহা অভিমুখে ৰাওনা হৈছে। ইপিনে, স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই কালি জম্মু কাশ্মীৰত অমৰনাথ যাত্ৰাৰ বাবে স্বাস্থ্য বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মন্...

July 8, 2024 8:50 PM

views 51

অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ বাবে চৰকাৰৰ দূৰসংযোগ বিভাগৰ সংস্কাৰ সাধনৰ কথা ঘোষণা

অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলে যাতে নিৰৱচিন্নভাৱে মোবাইল সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে চৰকাৰে দূৰসংযোগ বিভাগৰ সংস্কাৰ সাধনৰ কথা ঘোষণা কৰিছে। দূৰ সংযোগ বিভাগে মুখ্য দূৰসংযোগ সেৱা প্রদানকাৰী সংস্থা, এয়াৰটেল, বি এছ এন এল আৰু ৰিলায়েন্স জিঅ' সৈতে অংশীদাৰিত্বৰ সহায়েৰে সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিছে। নিৰৱচ্চিন্ন যোগাযোগ নিশ্চিত কৰাৰ বাবে এয়াৰটেল, বি এছ এন এল আৰু জিঅ' কোম্পানীয়ে ৩১ টাকৈ স্থানকে ধৰি মুঠ ৮২ টা স্থান সাজু কৰিছে। লগতে যাত্ৰীসকলৰ সুবিধাৰ বাবে দূৰসংযোগ বিভাগে ভিন্ন ঠাইত চিম কার্ড...

July 6, 2024 6:14 PM

views 64

জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে

জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে। যাত্ৰাৰ কালি সপ্তম দিনত ২১ হাজাৰ ৬৮৬ গৰাকী তীর্থ যাত্ৰীৰ অমৰনাথ গুহা দৰ্শন কৰে। ইয়াকে ধৰি যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰাত এতিয়ালৈকে এক লাখ ৫২ হাজাৰ ৯৬৪ গৰাকী তীর্থযাত্ৰীয়ে অমৰনাথ গুহা দর্শন কৰে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি নিচেই পুৱা জন্মৰ ভগৱতী নগৰ শিবিৰৰ পৰা পাঁচ হাজাৰ ৮৭৬ গৰাকী যাত্ৰী ২৪৫ খন বাহনেৰে অমৰনাথলৈ যাত্ৰা কৰিছে।

June 28, 2024 3:03 PM

views 67

জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কাশ্মীৰ উপত্যকাত থকা অমৰনাথ গুহা দৰ্শনৰ বাৰ্ষিক অমৰনাথ যাত্ৰা কাইলৈৰ পৰা পেহেলগাম আৰু বালতল পথেৰে আৰম্ভ হ'ব। সংবাদ মাধ্যমৰ আগত উপ ৰাজ্যপাল শ্রীসিনহাই কয় যে বিগত তিনি চাৰি বৰ্ষত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে চলিত বৰ্ষটো জম্মু-কাশ্মীৰ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলাৰ লগতে যাত্ৰীসক...

June 17, 2024 12:12 PM

views 53

অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ

চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। শ্রীঅমৰনাথজী শ্রাইন বোর্ডে ৫২ দিনৰ শ্ৰীঅমৰনাথ যাত্ৰাৰ বাবে বালতাল আৰু পেহেলগাম যাত্রাপথ দুয়োটাৰ বাবে এই সুবিধা আৰম্ভ কৰিছে। এখন বিজ্ঞপ্তিযোগে বোর্ডে কৈছে যে, অহা ২৯ জুনৰ পৰা অমৰনাথৰ বাৰ্ষিক তীর্থযাত্ৰা আৰম্ভ হ'ব আৰু ১৯ আগষ্টত শাওন পূৰ্ণিমাৰ ৰাশিবন্ধনৰ দিনাৰ এই যাত্ৰাৰ সামৰণি পৰিব। বোর্ডৰ বিষয়াসকলে প্ৰকাশ কৰা মতে উত্তৰ কাশ্মীৰ বালতাল পথছোৱাৰ বাবে নীলগড়-পঞ্জটনী-নীলগড়ত আৰু পেহেলগাম পথছোৱাৰ বাবে পেহেলগাম-পঞ্জটর্ন...

April 15, 2024 6:44 PM

views 153

অমৰনাথ বাৰ্ষিক যাত্ৰা ২৯ জুনত আৰম্ভ

জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথ জীৰ বাৰ্ষিক যাত্ৰা অহা ২৯ জুনৰ পৰা আৰম্ভ হৈ ১৯ আগষ্টত সামৰণি পৰিব। শ্ৰী অমৰনাথ মন্দিৰ পৰিষদে ঘোষণা কৰিছে যে, ৫২ দিনীয়া এই তীর্থ যাত্ৰাৰ পঞ্জীয়ন আজিৰে পৰা মুকলি কৰা হৈছে। বাৰ্ষিক অমৰনাথ যাত্ৰা দুটা পথেৰে কৰিব পাৰিব । এই পথ দুটা হ'ল- অনন্তনাগ জিলাৰ পৰম্পৰাগত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পেহেলগাম পথ আৰু গান্দেবাল জিলাৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বালতাল পথ। হিমবাহ আৰু বৰফেৰে আগুৰি থকা অনন্তনাগ জিলাৰ লিড্ডাৰ উপত্যকাত অৱস্থিত আৰু বছৰজুৰি বৰফেৰে আ...

April 2, 2024 7:02 PM

views 81

অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক

◊ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৱে বাৰ্ষিক অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান, প্রশাসনিক সচিব, উপ-আয়ুক্ত আৰু আন বিভাগসমূহৰ মুৰব্বী, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, দূৰসংযোগ সেৱা প্ৰদানকাৰী সংস্থা আৰু দুৰ্য্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছে। মুখ্য সচিবগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, পেহেলগাম আৰু বালটাল পথ দুটাৰ সুৰক্ষা সন্দৰ্ভত বিভিন্ন সংস্থাৰ সৈতে আলোচনা কৰিছে।