চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। শ্রীঅমৰনাথজী শ্রাইন বোর্ডে ৫২ দিনৰ শ্ৰীঅমৰনাথ যাত্ৰাৰ বাবে বালতাল আৰু পেহেলগাম যাত্রাপথ দুয়োটাৰ বাবে এই সুবিধা আৰম্ভ কৰিছে। এখন বিজ্ঞপ্তিযোগে বোর্ডে কৈছে যে, অহা ২৯ জুনৰ পৰা অমৰনাথৰ বাৰ্ষিক তীর্থযাত্ৰা আৰম্ভ হ’ব আৰু ১৯ আগষ্টত শাওন পূৰ্ণিমাৰ ৰাশিবন্ধনৰ দিনাৰ এই যাত্ৰাৰ সামৰণি পৰিব। বোর্ডৰ বিষয়াসকলে প্ৰকাশ কৰা মতে উত্তৰ কাশ্মীৰ বালতাল পথছোৱাৰ বাবে নীলগড়-পঞ্জটনী-নীলগড়ত আৰু পেহেলগাম পথছোৱাৰ বাবে পেহেলগাম-পঞ্জটর্নী-পেহেলগাম পথত হেলিকপ্টাৰ সেৱাৰ সুবিধা থাকিব। যাত্ৰীসকলে চৰকাৰী ৱেবছাইট JKSASB.nic.inৰ জৰিয়তে অনলাইনযোগে হেলিকপ্টাৰ সেৱাৰ বাবে আগতীয়া বুকিং কৰিব পাৰিব।
Assamese | June 17, 2024 12:12 PM | Amarnath Yatra
অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ