৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল আজি নিচেই পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হৈছে। ইয়াৰে ভিতৰত এহেজাৰ ৮৯৬ গৰাকী তীর্থযাত্ৰী পুৱা ৩ বাজি ৫ মিনিটত বালতল শিবিৰৰ পৰা আৰু ২,৯৯৩ গৰাকী তীর্থযাত্রী পেহলগাম শিবিৰৰ পৰা পুৱা ৩ বাজি ৫৫ মিনিটত ১৮৭ খন সৰুত্বৰ বাহনেৰে পবিত্র গুহা অভিমুখে ৰাওনা হৈছে। ইপিনে, স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই কালি জম্মু কাশ্মীৰত অমৰনাথ যাত্ৰাৰ বাবে স্বাস্থ্য বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মন্ত্ৰীগৰাকীয়ে পিঠু এম্বুলেন্স সেৱাৰ বিষয়ে উল্লেখ কৰে। এই সেৱাৰ জৰিয়তে এই সেৱাৰ জৰিয়তে যাত্ৰীসকলৰ বাবে গোটেই যাত্ৰা পথত ঘোৰাৰে কঢ়িওৱা অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰাৰ মূল শিবিৰসমূহত সুসজ্জিত চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | July 14, 2024 6:59 PM | Amarnath Yatra
৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ মূল শিবিৰৰ পৰা অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা