জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে। যাত্ৰাৰ কালি সপ্তম দিনত ২১ হাজাৰ ৬৮৬ গৰাকী তীর্থ যাত্ৰীৰ অমৰনাথ গুহা দৰ্শন কৰে। ইয়াকে ধৰি যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰাত এতিয়ালৈকে এক লাখ ৫২ হাজাৰ ৯৬৪ গৰাকী তীর্থযাত্ৰীয়ে অমৰনাথ গুহা দর্শন কৰে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি নিচেই পুৱা জন্মৰ ভগৱতী নগৰ শিবিৰৰ পৰা পাঁচ হাজাৰ ৮৭৬ গৰাকী যাত্ৰী ২৪৫ খন বাহনেৰে অমৰনাথলৈ যাত্ৰা কৰিছে।
Assamese | July 6, 2024 6:14 PM | Amarnath | Amarnath Yatra | Jammu & Kashmir
জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে