July 2, 2026 6:06 PM

views 9

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জন্মৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে। ইয়াৰ লগে লগে এই বাৰ্ষিক তীর্থযাত্রাও আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এই উপলক্ষে সাংসদ যুগল কিশোৰ শৰ্মাই তীর্থযাত্ৰীসকলৰ যাত্ৰা সুকলমে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী পক্ষৰ নেতা বিজেপিৰ সুনীল শর্মাইও তীর্থযাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, যে জম্মু-কাশ্মীৰ দেৱোত্তৰ পৰিষদে গ্ৰহণ কৰা ব্যৱস্থাই তীর্থযাত্ৰীসকলৰ যাত্ৰা সুচল কৰি তুলিব। ৫৭ দিনজোৰা এই যা...

July 15, 2024 10:33 AM

views 47

অমৰনাথ গুহা দর্শনৰ বাবে যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ দল কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা

● পৱিত্ৰ অমৰনাথ গুহাৰ বাবে জন্মৰ ভগৱতী নগৰ যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ আন এটি দলে কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা কৰিছে। আজি নিচেই পুৱা ১৬২ খন বাহনেৰে এই তীর্থযাত্ৰীৰ দলটো ৰাওনা হৈছে। এই দলটোত ৩ হাজাৰ ৪৬৪ গৰাকী পুৰুষ, এহেজাৰ ৩৩৩ গৰাকী মহিলা, ১৪টি শিশু, ৬৪ গৰাকী সাধু-সন্ত আছে। ইয়াৰে এহেজাৰ ৯১৮ গৰাকী তীর্থযাত্ৰীয়ে বালটল শিৱিৰৰ পৰা পুৱা ৩ বাজি ৫ মিনিটত যাত্ৰা কৰাৰ বিপৰীতে ২ হাজাৰ ৯৫৭ গৰাকীয়ে পেহেলগাম শিৱিৰৰ পৰা পুৱা ৩ বাজি ৫০ মিনিটত যাত্ৰা কৰে।

July 6, 2024 6:14 PM

views 51

জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে

জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে। যাত্ৰাৰ কালি সপ্তম দিনত ২১ হাজাৰ ৬৮৬ গৰাকী তীর্থ যাত্ৰীৰ অমৰনাথ গুহা দৰ্শন কৰে। ইয়াকে ধৰি যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰাত এতিয়ালৈকে এক লাখ ৫২ হাজাৰ ৯৬৪ গৰাকী তীর্থযাত্ৰীয়ে অমৰনাথ গুহা দর্শন কৰে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি নিচেই পুৱা জন্মৰ ভগৱতী নগৰ শিবিৰৰ পৰা পাঁচ হাজাৰ ৮৭৬ গৰাকী যাত্ৰী ২৪৫ খন বাহনেৰে অমৰনাথলৈ যাত্ৰা কৰিছে।

July 2, 2024 12:52 PM

views 45

অমৰনাথ গুহা দৰ্শনৰ বাবে ৬,৫৩৭ গৰাকী তীর্থযাত্ৰীৰ পঞ্চমটো দল আজি ৰাওনা

জম্মুৰ ভাগৱতী নিবাস বেছ কেম্পৰ পৰা কাশ্মীৰৰ অমৰনাথ গুহা দৰ্শন কৰাৰ বাবে ৬ হাজাৰ ৫৩৭ গৰাকী তীর্থযাত্ৰীৰ পঞ্চমটো দল আজি পুৱতি নিশা ৰাওনা হৈছে। আজি যাত্ৰা আৰম্ভ কৰা পঞ্চমটো দলৰ সদস্যসকলৰ ভিতৰত এহেজাৰ ১০২ গৰাকী মহিলা আৰু ১৯ টি শিশু আছে। দলটো ২ হাজাৰ ১০৬ গৰাকী তীর্থযাত্ৰী পুৱতি নিশা ৩ বাজি ৫ মিনিটত বাল্টাল অভিমুখে ৰাওনা হোৱাৰ বিপৰীতে ৪ হাজাৰ ৪৩১ গৰাকী তীর্থযাত্ৰীয়ে পুৱতি নিশা ৩ বাজি ৫০ মিনিটত পেহেলগাম বেছ কেম্পলৈ বুলি যাত্ৰা আৰম্ভ কৰে। ইপিনে আজি পুৱতি নিশা ২৬১ জনীয়া এটা অশ্বাৰোহী দলেও অমৰনাথ গুহা অ...