জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জন্মৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে। ইয়াৰ লগে লগে এই বাৰ্ষিক তীর্থযাত্রাও আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এই উপলক্ষে সাংসদ যুগল কিশোৰ শৰ্মাই তীর্থযাত্ৰীসকলৰ যাত্ৰা সুকলমে সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰে।

জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী পক্ষৰ নেতা বিজেপিৰ সুনীল শর্মাইও তীর্থযাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, যে জম্মু-কাশ্মীৰ দেৱোত্তৰ পৰিষদে গ্ৰহণ কৰা ব্যৱস্থাই তীর্থযাত্ৰীসকলৰ যাত্ৰা সুচল কৰি তুলিব।

৫৭ দিনজোৰা এই যাত্ৰা বাৰ্ষিক কাইলৈ পৰম্পৰাগত পেহেলগাম পথেৰে আৰু বালতাল পথেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব আৰু ২৮ আগষ্টত সামৰণি পৰিব। যাত্ৰীসকলৰ থকা-খোৱা, অনাময়, স্বাস্থ্যসেৱা, পৰিবহণকে ধৰি সকলো দিশতে দৃষ্টি কৰা হৈছে। তীর্থযাত্ৰীসকলে ৪৪ নম্বৰ জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব।

বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ’ব। পুৱা ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত লখনপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জন্মলৈ আগবঢ়াই নিয়া হ’ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি-নির্দেশনা মানি অপেক্ষা কৰিব লাগিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।