অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলে যাতে নিৰৱচিন্নভাৱে মোবাইল সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে চৰকাৰে দূৰসংযোগ বিভাগৰ সংস্কাৰ সাধনৰ কথা ঘোষণা কৰিছে। দূৰ সংযোগ বিভাগে মুখ্য দূৰসংযোগ সেৱা প্রদানকাৰী সংস্থা, এয়াৰটেল, বি এছ এন এল আৰু ৰিলায়েন্স জিঅ’ সৈতে অংশীদাৰিত্বৰ সহায়েৰে সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিছে। নিৰৱচ্চিন্ন যোগাযোগ নিশ্চিত কৰাৰ বাবে এয়াৰটেল, বি এছ এন এল আৰু জিঅ’ কোম্পানীয়ে ৩১ টাকৈ স্থানকে ধৰি মুঠ ৮২ টা স্থান সাজু কৰিছে। লগতে যাত্ৰীসকলৰ সুবিধাৰ বাবে দূৰসংযোগ বিভাগে ভিন্ন ঠাইত চিম কার্ড বিতৰণৰো ব্যৱস্থা কৰিছে।
Assamese | July 8, 2024 8:50 PM | Amarnath Yatra
অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ বাবে চৰকাৰৰ দূৰসংযোগ বিভাগৰ সংস্কাৰ সাধনৰ কথা ঘোষণা