December 26, 2025 8:41 PM

views 40

গৃহমন্ত্রী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত ৰাভা, মিছিং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধি গোটৰ সৈতে বৈঠকত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত আজি অসমৰ ৰাভা, মিছিং আৰু তিৱা জনগোষ্ঠীৰ এটা প্ৰতিনিধি গোটৰ সৈতে বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰ দাবীসমূহ শুনাৰ লগতে প্ৰকৃত সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। এই বৈঠকতে গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ সমস্যা সৌহাদ্যপূর্ণ তথা দীর্ঘম্যাদিভাৱে সমাধান কৰিবৰ বাবে এগৰাকী জ্যেষ্ঠ বিষয়াক নিয়োগ কৰিব বুলি প্ৰকাশ কৰে।

December 26, 2025 8:38 PM

views 56

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জৰুৰী বৈঠক অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়। বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়।

December 26, 2025 8:34 PM

views 49

শিৱসাগৰৰ খেমকা মাতৃ সদনত বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন

৯১ সংখ্যক মাৰোৱাৰী সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰৰ খেমকা মাতৃ সদনত এক বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়। মাৰোৱাৰী সন্মিলনৰ উদ্যোগত তথা কেডিয়া মেডিকেলৰ সহযোগত অনুষ্ঠিত এই শিৱিৰত স্থানীয় বহু বহুমূত্ৰ ৰোগীয়ে স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে নগৰৰ পদপথবাসীসকলৰ মাজত গৰম কাপোৰ বিতৰণৰ ব্যৱস্থা কৰা হয়৷

December 26, 2025 8:32 PM

views 34

আজি নিশা ৯ বাজি ১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠানত পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ হোৱা মাজুলী জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি সন্দৰ্ভত জিলাখনৰ মীন বিষয়া ভদ্ৰেশ্বৰ মিলিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰটো নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছিল আমাৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শ‍ইকীয়াই।

December 26, 2025 8:23 PM

views 37

ধেমাজি জিলাৰ গোগামুখৰ বিশিষ্ট সাংবাদিক, লেখক তথা সমাজকর্মী অতুল বৰাৰ মৃত্যু

ধেমাজি জিলাৰ গোগামুখৰ বিশিষ্ট সাংবাদিক, লেখক তথা সমাজকর্মী অতুল বৰাৰ আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। আমাৰ অসম, দৈনিক জনমভূমি, অসমীয়া প্রতিদিনকে ধৰি বিভিন্ন কাকতত ঘিলামৰাৰ সাংবাদিক হিচাপে তেওঁ সেৱা আগবঢ়া আহিছিল। তেওঁৰ মৃত্যুত ধেমাজি জিলা সাংবাদিক সন্থা আৰু ধেমাজি প্ৰেছ ক্লাবে গভীৰ শোক প্রকাশ কৰিছে।

December 26, 2025 8:20 PM

views 48

উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ পুখুৰীত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ এটা পুখুৰীত কালি এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃত লোকজনক মালোপথাৰৰ ৰান্ধনীজান গাঁৱৰ প্ৰসেনজিৎ‍ শ‍ইকীয়া বুলি চিনাক্ত কৰা হৈছে। ২২ ডিচেম্বৰৰ দুপৰীয়াৰ পৰা লোকজন সন্ধানহীন হৈ আছিল। তেওঁ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

December 26, 2025 9:24 PM

views 77

বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা ২০গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটাই বঁটা প্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশৰ শিশুসকলক অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে কয় যে বঁটাপ্রাপ্ত শিশুসকলে সাহসিকতা, কলা আৰু সংস্কৃতি, পৰিবেশ, উদ্ভাৱন আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ...

December 26, 2025 8:13 PM

views 60

ৰাষ্ট্ৰপতি মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণত সহায়ক হ'ব। শ্রীমোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে চাওতালী লোকৰ অৱদান আৰু চাওতালী সংস্কৃতিক লৈ দেশ অতি গৌৰৱান্বিত।

December 26, 2025 8:07 PM

views 40

নতুন দিল্লীত আজিৰেপৰা তিনিদিনীয়া পঞ্চম সংখ্যক মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত

নতুন দিল্লীত আজিৰেপৰা তিনিদিনীয়া পঞ্চম সংখ্যক মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আৰু পৰহিলৈ এই সন্মিলনত অধ্যক্ষতা কৰিব। এই সন্মিলনে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ, ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কার্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অন...

December 26, 2025 6:45 PM

views 46

ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অমৰ ছহিদ উধম সিঙে জালিৱানৱালাবাগৰ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ইংৰাজৰ বিৰুদ্ধে দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি অসামান্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল।