December 27, 2025 7:10 PM

views 56

ৰাষ্ট্ৰপতি মুৰ্মু আজি ৪ দিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ'ব। কাইলৈ শ্ৰীমতী মুর্মু কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহি তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ' আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। উল্লেখযোগ্য যে অ' আই চিকিয়ে চাওতাল জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। একেদিনাই তেওঁ এন আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ...

December 27, 2025 7:06 PM

views 57

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে। তেওঁ কাইলৈও সন্মিলনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব। ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত নিৰন্তৰ আলোচনাৰ মাধ্যমেৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা সুদৃঢ় কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ দৃষ্টিভংগী অনুযায়ী আয়োজন কৰা এই সন্মিলন...

December 26, 2025 9:12 PM

views 33

শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি ন-হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক জিতেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ উপস্থতিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ হৈ ড০ প্ৰাঞ্জল মৰাঙে এই চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে দু...

December 26, 2025 9:05 PM

views 91

ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অনুষ্ঠিত বীৰ বাল দিৱস কাৰ্যসূচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীমোদীয়ে কয় যে জেনেৰেচন জেড আৰু জেন আলফাৰ যুৱশক্তিয়ে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশক আগবঢ়াই লৈ যোৱা হ'ব। তেওঁ কয় যে যুৱ প্ৰজন্মৰ সৰ্বাংগীন দিশৰ উন্নয়নৰ প...

December 26, 2025 9:03 PM

views 58

৪ দিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাৰিদিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সন্ধিয়া গোৱাত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে পৰহিলৈ কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। ইয়াৰ পাছদিনা তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ' আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। একে দিনাই তেওঁ এম আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ ল'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাৰ আন্তঃৰাজ্য জ...

December 26, 2025 9:01 PM

views 45

কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে কয়লা খনি মুকলি কৰাৰ বাবে থকা প্ৰক্ৰিয়া সহজসাধ্য কৰাৰ বাবে কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। কয়লা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই সংশোধনে খনিৰ কাম-কাজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰক্ৰিয়াগত আঁসোৱাহসমূহ দূৰ কৰিব। পূৰ্বৰ নিয়ম অনুসৰি এটা কয়লা খনি মুকলি কৰাৰ বাবে কয়লা খনিৰ স্বত্বাধিকাৰীসকলে কয়লা মহানিয়ন্ত্রক সংস্থাৰ আগতীয়া অনুমতি ল'ব লাগে। এই সংশোধনীৰ জৰিয়তে পূৰ্বৰ এই নিয়ম বাতিল কৰা হৈছে।

December 26, 2025 8:59 PM

views 58

ভাৰতীয় ৰে’লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে’লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধিৰ পৰিকল্পনা

ভাৰতীয় ৰে'লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে'লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰসমূহ হৈছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দাবাদ, বাংগালোৰ, পাটনা, ভূপাল আৰু পুৰী। মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি অনাগত বৰ্ষসমূহত ইয়াৰ ফলত যাত্ৰীৰ আহ-যাহৰ সুবিধা বৃদ্ধি পাব। ৰে'লৱে বোৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে সকলো মণ্ডলৰ মহা-প্ৰৱন্ধকসকলৈ ৰে'লৰ আহ-যাহৰ সংখ্যা বৃদ্ধি কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

December 26, 2025 8:56 PM

views 60

কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ বাবে এই পুঁজিৰ আবণ্টন দিয়া হৈছে। মন্ত্ৰালয়ে লগতে জনোৱা মতে ৩,৮৫৭খন গাঁও পঞ্চায়তৰ বাবে ৪৪৮ কোটি টকা মোকলাই দিয়া হৈছে। আনহাতে, ঝাৰখণ্ডৰ ৪,৩৪২খন গাঁও পঞ্চায়তৰ বাবে ২৭৫ কোটিতকৈও অধিক পুঁজি মোকলাই দিয়া হৈছে।

December 26, 2025 8:50 PM

views 44

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও ৫ গৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও পাঁচগৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত হৈছে। চিৰিয়াৰ ছানা সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি জৰুৰীকালীন দল অঞ্চলটোলৈ তৎকালে ৰাওনা হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। নিৰাপত্তা বাহিনীসমূহে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে।

December 26, 2025 8:43 PM

views 33

কাৰাগাৰত থকা মালয়েছিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী নাজিব ৰাজাকক দোষী সাব্যস্ত

কাৰাগাৰত থকা মালয়েছিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী নাজিব ৰাজাকক কোৱালালামপুৰ উচ্চ ন্যায়ালয়ে আজি কেইবাশ কোটিটকীয়া মালয়েছিয়া উন্নয়ন বার্হাড কেলেংকাৰিৰ গোচৰত ক'লা ধন বৈধকৰণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছে। ৭২ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ২০২২ বৰ্ষৰ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছে।