কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ বাবে এই পুঁজিৰ আবণ্টন দিয়া হৈছে। মন্ত্ৰালয়ে লগতে জনোৱা মতে ৩,৮৫৭খন গাঁও পঞ্চায়তৰ বাবে ৪৪৮ কোটি টকা মোকলাই দিয়া হৈছে। আনহাতে, ঝাৰখণ্ডৰ ৪,৩৪২খন গাঁও পঞ্চায়তৰ বাবে ২৭৫ কোটিতকৈও অধিক পুঁজি মোকলাই দিয়া হৈছে।
Assamese | December 26, 2025 8:56 PM | Akashvani | Akashvani News | India Govt. | Panchyatiraj
কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে