ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ’ব। কাইলৈ শ্ৰীমতী মুর্মু কৰ্ণাটকৰ কাৰ্ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহি তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ’ আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল’ব। উল্লেখযোগ্য যে অ’ আই চিকিয়ে চাওতাল জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। একেদিনাই তেওঁ এন আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ ল’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাৰ আন্তঃৰাজ্য জনসাংস্কৃতিক সমাগম সমাৰোহ-কাৰ্তিক যাত্ৰাত অংশগ্ৰহণ কৰিব।
Assamese | December 27, 2025 7:10 PM | Akashvani | Akashvani News | Droupadi Murmu | President of india
ৰাষ্ট্ৰপতি মুৰ্মু আজি ৪ দিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব