নতুন দিল্লীত আজিৰেপৰা তিনিদিনীয়া পঞ্চম সংখ্যক মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আৰু পৰহিলৈ এই সন্মিলনত অধ্যক্ষতা কৰিব। এই সন্মিলনে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ, ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কার্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অনুসৰণ কৰিবলগীয়া বিকশিত ভাৰতৰ বাবে মানৱ মূলধন বিষয়টোৰ উত্তম পদ্ধতি আৰু কৌশলসমূহ এই সন্মিলনত আলোচনা কৰা হ’ব। এই বিষয়বস্তুৰ অধীনত পাঁচটা মূল ক্ষেত্র – প্রাথমিক শিশু শিক্ষা, স্কুলীয়া শিক্ষা, দক্ষতা, উচ্চ শিক্ষা, ক্রীড়া আৰু সহ-পাঠ্যক্ৰমৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। বিগত ৪ বছৰ ধৰি মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। ২০২২ চনৰ জুনত এই সন্মিলন প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল।
Assamese | December 26, 2025 8:07 PM | Akashvani | Akashvani News
নতুন দিল্লীত আজিৰেপৰা তিনিদিনীয়া পঞ্চম সংখ্যক মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত