December 26, 2025 6:42 PM

views 45

অন্ধ্ৰ প্ৰদেশত আজি পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫ জন লোক আহত

অন্ধ্ৰ প্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱায় আৰু ৫ জন লোক আহত হয়। গুন্টুৰ জিলাত এখন ব্যক্তিগত বাছে এখন চাৰিচকীয়া বাহনত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত তিনিজন লোক নিহত হয় আৰু তিনিজন লোক আহত হয়। ৰাজ্যখনৰ নানদয়াল জিলাত এটা পথ দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱায়। এখন দ্রুতবেগী বাহনে পথ বিভাজকত খুন্দিয়াই বিপৰীত দিশৰ পৰা আহি থকা এখন বাছৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো ঘটে।

December 26, 2025 6:40 PM

views 54

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি পাইছে। দুর্ঘটনাগ্রস্ত বাছখনৰ চালকজনে আজি পুৱা প্ৰাণ হেৰুৱায়। কালি দুর্ঘটনাটোত ছজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছিল আৰু ২১ জন লোক আহত হৈছিল। বাছখনৰ পৰা পাঁচটা আৰু ট্ৰাকখনৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কৰ্তৃপক্ষই কৈছে যে মৃতদেহৰ ডি এন এ পৰীক্ষাৰ ফলাফলৰ পাছত নিহতসকলৰ পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰা হয়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াই এই দুৰ্ঘটনা...

December 26, 2025 6:33 PM

views 28

ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ বিশ্ব বন্ধু সেনৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ বিশ্ব বন্ধু সেনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে ত্ৰিপুৰাৰ উন্নয়ন আৰু বিভিন্ন সামাজিক দিশত থকা তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক সদায়ে স্মৰণ কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইয়ো তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীবিৰলাই কয় যে জনসাধাৰণৰ প্ৰতি থকা নিস্বাৰ্থ সেৱাৰ বাবে তেওঁক সদায়ে স্মৰণ কৰা হ'ব।

December 26, 2025 6:25 PM

views 61

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্রী তথা ভালেমান নেতা-কর্মীয়ে বিপুল আদৰ...

December 26, 2025 6:18 PM

views 77

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিল সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ নৱ-নিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিছাৰৌটিয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিছাৰৌটিয়ে কয়, যে সাংবাদিক হৈছে সাংবাদিকৰ লগত লাগি থকা পেছা। সাংবাদিকৰ প্ৰধান কৰ্তব্য হৈছে ভয় আৰু শংকাবিহীনভাৱে সাধাৰণ মানুহৰ হকে প্ৰশ্নৰ উত্থাপন কৰা। এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট সাংবাদিক উপস্থিত থাকে। উল্লেখযোগ্...

December 26, 2025 6:15 PM

views 47

৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাওঁ গাঁৱৰ বীৰাঙ্গনা ঠেংফাখ্ৰী পথাৰত সমাগত ২০২৬ চনৰ ৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশনখনি অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ সৈতে সংগতি ৰাখি হ'বলগীয়া অধিবেশনস্থলীত আজি বড়ো বীৰাঙ্গনা ঠেংফাখ্ৰীৰ এটা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে বড়ো বীৰাঙ্গনাগৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত ৬৫ সংখ্যক বড়ো সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি কমল সিং নাৰ্জাৰী, মুখ্য আহ্বায়ক শুক...

December 26, 2025 6:10 PM

views 64

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত অসম সাহিত্য সভাৰ উদ্বেগ প্রকাশ

অসম সাহিত্য সভাই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। অসম সাহিত্য সভাৰ গুৱাহাটীত থকা ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কয়, যে এই সংঘৰ্ষই ৰাজ্যৰ সামাজিক সম্প্ৰীতি আৰু ভাতত্ববোধত আঘাত হানিছে। সাহিত্য সভা খেৰণিৰ ঘটনাত ক্ষতিগ্ৰস্ত হোৱা কাৰ্বি সমাজৰ সৈতে থাকিব বুলি প্ৰকাশ কৰি শ্রীগোস্বামীয়ে কয় যে দুই এদিনৰ ভিতৰতে নিজাববীয়াকৈ পৰিস্থিতিৰ বুজ ল'বলৈ অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দল কাৰ্বি আংলংলৈ ...

December 26, 2025 6:08 PM

views 74

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য' শীর্ষক আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰে। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অন্দিম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত কবি-সমালোচক তথা গুৱাহাটী বিশ্ববিদ...

December 26, 2025 6:04 PM

views 45

বিশ্বনাথৰ জিলা আয়ুক্তৰ জিলা চিকিৎসালয় পৰিদৰ্শন

বিশ্বনাথৰ জিলা আয়ুক্তই আজি জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসা বিষয়া আৰু চিকিৎসা কর্মীসকলক লগ ধৰি বিভিন্ন বিষয়ৰ বুজ লয় আৰু লগতে বহিঃবিভাগ, আয়ুষ্মান কাৰ্য্যালয়, পুষ্টি পুনর্বাসন কেন্দ্ৰ, নৱজাতকৰ বিশেষ সুৰক্ষা কেন্দ্ৰ, অস্ত্ৰোপচাৰৰ কক্ষ, প্রসূতি কক্ষ, পৰীক্ষাগাৰ, এক্সৰে কক্ষ আদিৰ লগতে চিকিৎসালয়খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ ঔষধালয় পৰিদৰ্শন কৰি পৰ্য্যাপ্ত ঔষধ মজুত ৰাখিবলৈও চিকিৎসা বিষয়াসকলক নির্দেশ দিয়ে।

December 26, 2025 5:59 PM

views 49

তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা

তামুলপুৰ জিলাৰ চেঁচাপানীত আজি তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়-ববীয়াই হাতী-মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাখনত হাতীৰ খাদ্যৰ বাবে খেতি কৰা তথা ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত অধিক মাত্ৰাত গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সভাখনতখন বিভাগ তৰফৰ পৰা ৰাইজৰ মাজত উন্নত মানৰ টর্চ লাইট বিত...