চিৰাং জিলাৰ বিজনীৰ বৰলাওঁ গাঁৱৰ বীৰাঙ্গনা ঠেংফাখ্ৰী পথাৰত সমাগত ২০২৬ চনৰ ৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশনখনি অনুষ্ঠিত হ’ব। বড়ো সাহিত্য সভাৰ সৈতে সংগতি ৰাখি হ’বলগীয়া অধিবেশনস্থলীত আজি বড়ো বীৰাঙ্গনা ঠেংফাখ্ৰীৰ এটা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে বড়ো বীৰাঙ্গনাগৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত ৬৫ সংখ্যক বড়ো সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি কমল সিং নাৰ্জাৰী, মুখ্য আহ্বায়ক শুক্লেশ্বৰ বসুমতাৰীসহ আদৰণি সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় লোক উপস্থিত থাকে৷
Assamese | December 26, 2025 6:15 PM | Akashvani | Akashvani Guwahati | Bodo Language | Bodo Sahitya Sabha
৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশন