May 18, 2024 10:22 PM

views 67

মৰমৰ যোৰহাট আঁচনিৰ অধীনত টিয়ক হাইস্কুলৰ প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত জনসভা

◊ মৰমৰ যোৰহাট আঁচনিৰ অধীনত আজি যোৰহাট জিলা প্রশাসনে টিয়ক হাইস্কুল প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এখন জনসভা অনুষ্ঠিত কৰে। জিলা আয়ুক্তৰ সভাপতিত্বত আয়োজন কৰা সভাখনত জিলা আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। পথ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে ৰাইজক যাতায়ত আৰু পৰিবহনৰ সময়ত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত অধিক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। পথ সজাগতা সম্পৰ্কীয় অন্য এটা অনুষ্ঠানত জিলা প্রশাসনিক বিষয়াসকলে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্...

May 18, 2024 10:03 PM

views 93

আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস

♦ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰীত এই উপলক্ষে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এলানি কাৰ্যসূচী পালন কৰা হয়৷ শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সভাপতি উমেশ দৈমাৰীয়ে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আৰু পুস্পাঞ্জলি অর্পন কৰে। অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অ...

May 11, 2024 5:43 PM

views 63

মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত ৬ মে’ৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি

গুৱাহাটীৰ পাটগাঁৱৰ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ উদ্যোগত আৰু মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত যোৱা ৬ মেৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি পৰিছে। এই অনুশীলন কাৰ্যসূচীত বানৰ লগতে অগ্নিকাণ্ডকে ধৰি বিভিন্ন দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় কৌশল বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হয়।

May 9, 2024 5:32 PM

views 70

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১,১৩৩ গৰাকী প্ৰথম বিভাগত, ৬৬,৪০৮...

May 7, 2024 12:32 PM

views 89

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে, ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮...

May 7, 2024 12:22 PM

views 83

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে আজি দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি আৰু অহা ১৩, ২০ আৰু ২৫ মে' তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ’ব।

May 6, 2024 2:22 PM

views 77

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ‘PUBLIC SPEAK’ত ‘ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা’ শীর্ষক এটা আলোচনা

♦ আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন-ইন অনুষ্ঠান "PUBLIC SPEAK"ত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ অখিলেশ গৌড়ৰ সৈতে "ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা" শীর্ষক এটা আলোচনা আগবঢ়োৱা হ'ব। আলোচনাত ড: গৌড়ৰ সৈতে জ্যেষ্ঠ তথ্য বিশেষজ্ঞ ড. গুলশন ৰায়ো উপস্থিত থাকিব। অনুষ্ঠানৰ সময়ত শ্ৰোতাসকলে অতিথিসকলক বিভিন্ন চাইবাৰ ভাবুকি আৰু ডাটা আৰু চিষ্টেম সুৰক্ষিত কৰাৰ উপায়ৰ বিষয়ে প্রশ্ন সুধিব পাৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শ্রোতাসকলে আজি নিশা ...