অসম-আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক কৰিছে। তেওঁলোকক সুমন হুছেইন, সুহানা খাটুন আৰু এভা আখটাৰ বুলি জানিব পৰা গৈছে। অসম আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি ইতিমধ্যে সফলতাৰে সীমান্ত পাৰ কৰাই ঘূৰাই পঠাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কোনো বাংলাদেশী নাগৰিক যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে, সেই বিষয়ক লৈ চৰকাৰ সম্পূৰ্ণভাৱে সষ্টম হৈ আছে বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে।
Assamese | September 12, 2024 1:24 PM | Akashvani | India bangladesh
ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক অসম-আৰক্ষীৰ