August 28, 2025 9:04 PM

views 74

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ পিলখানাত অৱস্থিত সীমান্তৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত চাৰিদিনীয়া মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সন্মিলনত দুয়ো দেশৰ প্ৰতিনিধিয়ে এটা যুটীয়া বিবৃতিযোগে এই প্ৰতিশ্ৰুতিৰ বিষয়ে প্ৰকাশ কৰে। ভাৰতৰ প্ৰতিনিধি দলটোক সীমান্ত সুৰক্ষা বাহিনীৰ মহানির্দেশক দলজিৎ সিং চৌধুৰীয়ে নেতৃত্ব দিয়ে। ইফালে বাংলাদেশৰ প্ৰতিনিধি দলটোক বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ মহানিৰ্দেশক মেজৰ জ...

March 6, 2025 8:23 PM

views 44

কলকাতাত আজি ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আৰম্ভ

ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আজি কলকাতাত আৰম্ভ হয়। বাংলাদেশৰ ১১ জনীয়া এটা প্রতিনিধি দলে এই বৈঠকত অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে, দুয়োখন দেশৰ মাজেৰে বৈ যোৱা নদীসমূহক কেন্দ্ৰ কৰি অব্যাহত থকা কেইবাটাও সমস্যাই এই বৈঠকত প্রাধান্য পাব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰত-বাংলাদেশৰ মাজত সচিব পৰ্যায়ৰ এই বৈঠকৰ পাছতে এখন ছজনীয়া কাৰিকৰী সমিতি গঠন হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ১৯৯৬ চনতে ভাৰত আৰু বাংলাদেশৰ মাজত গংগা জল চুক্তি স্বাক্ষৰিত হৈছিল আৰু অহা বছৰ এই ৩০ বছৰীয়া চুক্তিখনৰ ম্যাদ ...

December 9, 2024 2:22 PM

views 72

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ ঢাকাত উপস্থিত বিদেশ সচিব বিক্রম মিশ্ৰী

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰী ঢাকাত উপস্থিত হৈছে৷ আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে তেওঁ ঢাকাত উপস্থিত হয়। চলিত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া হৈছে প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক। ঢাকাত উপস্থিত হোৱাৰ লগে লগে মিশ্ৰীক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ দক্ষিণ এছিয়া মণ্ডলৰ সঞ্চালক প্রধান ইশ্ৰত জাহানে আদৰণি জনায়। বাংলাদেশৰ ভাৰতীয...

October 12, 2024 9:20 PM

views 64

উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে এনেধৰণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। ভাৰতে আক্ৰমণকাৰীসকলে মন্দিৰৰ ওপৰত আক্ৰমণ কৰি অপবিত্ৰ তথা প্ৰতিমাৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যে পৰিকল্পিত কৌশল অৱলম্বন কৰা দেখা পাইছে বুলি মন্ত্ৰ্যালয়ে উ...

October 10, 2024 12:19 PM

views 53

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতে যোৱানিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশক ৮৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে। বাংলাদেশে ২২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৩৫ ৰানহে কৰিবলৈ সমৰ্থ হয়।

September 12, 2024 1:24 PM

views 80

ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক অসম-আৰক্ষীৰ

অসম-আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক কৰিছে। তেওঁলোকক সুমন হুছেইন, সুহানা খাটুন আৰু এভা আখটাৰ বুলি জানিব পৰা গৈছে। অসম আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি ইতিমধ্যে সফলতাৰে সীমান্ত পাৰ কৰাই ঘূৰাই পঠাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কোনো বাংলাদেশী নাগৰিক যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে, সেই বিষয়ক লৈ চৰকাৰ সম্পূৰ্ণভাৱে সষ্টম হৈ আছে বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে।