September 7, 2024 8:59 PM

views 90

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত সদৌ অসম ফুটবল প্রতিযোগিতা

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত স্থানীয় মিনি ষ্টেডিয়ামত আজিৰেপৰা প্ৰাক্তন ফুটবল খেলুৱৈ অনন্তৰাম দাস আৰু গণপতি মজুমদাৰ সোঁৱৰণী সদৌ অসম ফুটবল প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ উদ্বোধনী খেলখনত ঢোলকুছি সত্যকাম সংঘই কমলপুৰ ফুটবল একাদশক ২-১ গ'লত পৰাস্ত কৰে। খেলখন উদ্বোধন কৰে নলবাৰী জিলা পৰিবহণ বিষয়া ক্ষীৰোদ দাসে।

September 7, 2024 7:52 PM

views 60

বঙাইগাঁও জিলা আয়ুক্তৰ সভাপতিত্বত বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভা অনুষ্ঠিত

বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভাখন আজি জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়াভাৱে কৰিবলগীয়া জলজীৱন মিছন, স্বচ্ছ ভাৰত অভিযান আদিৰ কামসমূহ উভয় বিভাগক সমন্বয়ৰে কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাত জিলা পশুপালন বিষয়াক জিলাখনৰ মূলাগাঁও আৰু আটুগাঁৱত প্ৰথম পৰ্যায়ৰ ইগ ভিলেজ হিচাপে গঢ়ি তোলাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবলৈ কয়। তদুপৰি জিলাখনক উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো বিভাগকে দক্ষতাৰে কাম কৰ...

September 7, 2024 7:29 PM

views 54

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িতৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ ৩১১ নম্বৰ অনুচ্ছেদ আৰু ১০ নম্বৰ নিয়মৰ অসম সেৱা অনুশাসন আৰু আপীল নীতি, ১৯৬৪-ৰ অধীনত তেওঁক বৰ্খাস্ত কৰা হৈছে। ইপিনে, গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী পৰিদৰ্শক জিতুমণি ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত জড়িত লোকৰ সৈতে অপ্রয়োজনীয়ভাৱে ঘনিষ্ঠতা ৰক্ষা কৰাৰ অভিযোগত চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। অসম আৰ...

September 7, 2024 6:30 PM

views 98

বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টা ৱাৰ্ডত পানী পৰিশোধন কেন্দ্ৰ স্থাপন

সাংসদ তথা পৌৰসভাৰ পদেন সদস্য ফণীভূষণ চৌধুৰীয়ে আজি ১৫ নম্বৰ ৱাৰ্ডত এটা পানী পৰিশোধন কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে অনুষ্ঠানত ভাষণ দি শ্রী চৌধুৰীয়ে কয় যে, বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টাত এনে পৰিশোধন কেন্দ্ৰ স্থাপন কৰা হৈছে। বাকী ৩টা ৱাৰ্ডত পৰৱৰ্তী পৰ্যায়ত স্থাপন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।

September 6, 2024 9:07 PM

views 86

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ নগাঁও, মৰিগাওঁ আৰু কাৰ্বি আংলঙৰ কৃষকসকলক যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্যৰ বাহিৰত থলুৱা এড়ি মুগাৰ বৃহৎ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা উদ্যোগটোক অধিক শক্তিশালী কৰাৰ মানসেৰে দীৰ্ঘদিন ধৰি নগাওঁ মহাবিদ্যালয়ে এই ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশসস্বৰূপে মহাবিদ্যালয়খনত কৃষকসকলক মটৰযুক্ত সূতা কটা যন্ত্ৰ প্ৰদান কৰা হয়।

September 6, 2024 9:04 PM

views 59

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত আজি ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ উপস্থিতিত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ সভাপতি তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচাই, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাইকে ধৰি দলীয় সতীৰ্থসকল উপস্থিত থাকে। ইপিনে, কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ মণ্ডল বিজেপিয়ে আয়োজন কৰা সদস্য পদ অভিযানত বিধায়ক বিজয় মালাকাৰে অংশগ্ৰহণ কৰে।

September 6, 2024 8:32 PM

views 46

দিল্লীত ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ বৈঠক অনুষ্ঠিত

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগ, জকার্ট ফাউণ্ডেচন অৱ ইণ্ডিয়া আৰু তেলেংগানা ৱাকফ ব'ৰ্ডৰ প্ৰতিনিধিসকলে দিহা-পৰামৰ্শ আগবঢ়ায়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত নিম্ন সদনৰ ২১ গৰাকী আৰু উচ্চ সদনৰ ১০ গৰাকী সদস্য আছে। ৱাকফ সংশোধনী বিধেয়ক- ২০২৪ৰ জৰিয়তে ৱাকফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনা নিখুঁট কৰি তুলিব বিচৰা হৈছে। বিধেয়কখনত ১৯৯৫ চনত ৱাকফ আইনখনক একীকৃত ৱাকফ ব্যৱস্থাপনা, সৱল...

September 6, 2024 8:30 PM

views 59

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি শ্ৰী শৰ্মাৰ সৈতে কথা পাতিব পাৰিব।

September 6, 2024 8:28 PM

views 43

দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত স্বাস্থ্য মন্ত্রালয়ৰ অনুমোদন

স্বাস্থ্য মন্ত্রালয়ে দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত অনুমোদন জনাইছে। মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কৈছে যে, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ কাৰ্য্যসূচীৰ অধীনত প্ৰৱৰ্তন কৰা এই চিকিৎসা অধিক ফলপ্ৰসূ আৰু ইয়াৰ বাবে কম সময়ৰ প্ৰয়োজন। এই ব্যৱস্থাই যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায় কৰিব।

September 6, 2024 7:13 PM

views 67

কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকৰ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, দলৰ প্ৰাক্তন মুৰব্বী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ লগতে কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকসকলে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জয়ৰাম ৰমেশ, কে চি বেনুগোপাল, শচীন পাইলট, গুলাম আহমদ মীৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং আৰু উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়েও দলৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে।