বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভাখন আজি জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়াভাৱে কৰিবলগীয়া জলজীৱন মিছন, স্বচ্ছ ভাৰত অভিযান আদিৰ কামসমূহ উভয় বিভাগক সমন্বয়ৰে কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাত জিলা পশুপালন বিষয়াক জিলাখনৰ মূলাগাঁও আৰু আটুগাঁৱত প্ৰথম পৰ্যায়ৰ ইগ ভিলেজ হিচাপে গঢ়ি তোলাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবলৈ কয়। তদুপৰি জিলাখনক উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো বিভাগকে দক্ষতাৰে কাম কৰিবলৈ আয়ুক্তগৰাকীয়ে আহ্বান জনায়।
Assamese | September 7, 2024 7:52 PM | Akashvani | Assam | Bongiagoan
বঙাইগাঁও জিলা আয়ুক্তৰ সভাপতিত্বত বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভা অনুষ্ঠিত