দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটে আজি জিলাৰ সদৰ হাটশিঙিমাৰীত এখন বাটৰ নাট প্ৰদৰ্শন কৰি নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস কৰে। জিলা সমাজ কল্যাণ বিষয়া ইন্দ্ৰজিৎ দাস আৰু এন এছ এছ গোটৰ বিভিন্ন সদস্যৰ উপস্থিতিত নাটখনৰ জৰিয়তে ৰাইজক নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হয়।
Assamese | September 12, 2024 1:33 PM | Akashvani | Local news
হাটশিঙিমাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ বাটৰ নাট প্ৰদৰ্শনেৰে নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস