তামুলপুৰ জিলাৰ দৰঙামেলাত কালি আৰক্ষী আৰু এছ এছ বিয়ে চলোৱা যুটীয়া অভিযানত মাটিত পুতি থোৱা অৱস্থাত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ কৰে। কালি পুৱাৰে পৰা ভাৰত-ভূটান সীমান্ত এলেকাত টহল দিয়াৰ সময়তে লাভ কৰা তথ্যৰ ভিত্তিত দৰঙামেলাৰ পাগলাবাবা মন্দিৰৰ পাহাৰৰ ওপৰত অসমৰ সীমাৰ ভিতৰত সামগ্ৰীখিনি উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Assamese | September 12, 2024 1:35 PM | Akashvani | Local news
তামুলপুৰৰ দৰঙামেলাত আৰক্ষীৰ অভিযানত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ