December 14, 2024 2:11 PM

views 60

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ বিষয়ক এটি অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিত Whatsapp নম্বৰ ৯৮৬৪০-৫৫৫৬৬ যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ এই দুটা নম্বৰত দিয়া অভিমত, প্ৰশ্ন আৰু উত্তৰ আদি প্ৰচাৰ কৰা হ'ব।

December 14, 2024 1:54 PM

views 35

প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ জে এছ বি অসামৰিক চিকিৎসালয়ত হুলস্থূলীয়া পৰিবেশ

চিৰাং জিলাৰ সদৰ কাজল গাঁৱত থকা জে এছ বি অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে এগৰাকী প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। চিজাৰিয়ান পদ্ধতিত এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছতে প্ৰসূতি মহিলাগৰাকীৰ মৃত্যু হয়। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে জে এছ বি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিশেষজ্ঞগৰাকীৰ ভুল চিকিৎ‍সাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হৈছে। মৃত মহিলাগৰাকীৰ ঘৰ চিৰাং জিলাৰ বিজনীৰ বৰলেছিয়া গাঁৱত। মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত প্রয়োজনীয় তদন্ত কৰা হ'ব বুল...

December 13, 2024 8:10 PM

views 59

সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত লোকসভাত বিশেষ আলোচনা

লোকসভাত আজি সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক,অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশ স্পৰ্শ কৰি ৰাষ্ট্ৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। সংবিধানখন দেশৰ সভ্যতাৰ প্ৰমূল্যৰাজিৰ অভিব্যক্তিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ বাবে সংবিধান প্রণয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। প্ৰায় ৩ বছৰজোৰা গভীৰ চিন্তা-চ...

December 13, 2024 7:50 PM

views 39

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ ৩গৰাকী ছাত্ৰীৰ অসমলৈ গৌৰৱ

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ তিনিগৰাকী ছাত্ৰীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। নতুন দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটে-৩৬ কিলোগ্রাম শাখাত তানায়া নাথে সোণৰ পদক অৰ্জন কৰিছে। ইপিনে পঞ্জাবৰ লুধিয়ানাত চলি থকা একে প্রতিযোগিতাত সুনয়না গগৈয়ে ১৪ বছৰ অনুৰ্ধৰ কুমিটে-৩৪ কিলোগ্রাম শাখাত আৰু ৰশ্মি প্রধানে কুমিটে-৪২ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই প্রতিযোগিতাখন যোৱা ১১ ডিচেম্বত আৰম্ভ হৈছে আৰু অহা ১৭ ডিচেম্বৰত সামৰণি পৰিব। সদৌ অসম কাৰাট...

December 13, 2024 8:54 PM

views 46

বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনৰ

গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে, এই পৰিয়ালসমূহক প্রশাসনে কেইবাবাৰো আঁতৰি যাবলৈ জাননী দিছিল যদিও, তেওঁলোক আঁতৰি নোযোৱাত প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয়। গোৱালপাৰা জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বালিজান ৰাজহচক্ৰ বিষয়া কেইগৰাকীৰ তত্বাৱধানত চলা এই উচ্ছেদ অভিযান কালত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

December 13, 2024 6:41 PM

views 40

কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ প্রমোদ বড়োৰ

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ কৰে। মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ১১,৫০৪ খন চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়। বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩৭৩ খন স্কুটি আৰু আনন্দৰাম বৰুৱা মেধা বঁটাৰ অধীনত ৩৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদান কৰা হয়।

December 13, 2024 6:32 PM

views 69

নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক

নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে কালি নিশা নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কণ্টেনাসহ প্রায় ৮৫৩ টা নিষিদ্ধ টেবলেট আৰু নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

December 13, 2024 6:30 PM

views 58

হৃদৰোগজনিত ৰোগত বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰৰ দেহাৱসান

বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰে যোৱা নিশা হৃদৰোগজনিত ৰোগত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। তেজপুৰত জন্মগ্ৰহণ কৰা মীৰা ঠাকুৰে যোৰহাটৰ দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কিছুদিন ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল। তেজত ফুলত ওঁঠত, বন বকুলৰ সুঁহুৰী, নিছিগা সুঁতাৰ ধাৰ— হৈছে তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। অসম চৰকাৰৰ সাহিত্যিক পেন্সনেৰে সন্মানিত মীৰা ঠাকুৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ...

December 13, 2024 5:39 PM

views 62

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত Whatsapp নম্বৰ ৯৮৬৪০-৫৫৫৬৬ যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ এই দুটা নম্বৰত দিয়া অভিমত, প্রশ্ন আৰু উত্তৰ প্ৰচাৰিত হ'ব।

December 13, 2024 5:30 PM

views 51

স্মার্ট ইণ্ডিয়া হেকাথনত ভিন্ন প্ৰতিষ্ঠানৰ পুৰস্কাৰ লাভ

আই আই টি হায়দাবাদত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুম্বাইস্থিত বেলিংকাৰ ইনষ্টিটিউট অব মেনেজমেণ্ট, নয়দা ইনষ্টিটিউট অব ইনঞ্জিনিয়াৰিং এণ্ড টেকনলজী, যশৱন্ত ছাৱন্ত ইঞ্জিনিয়াৰিং নাগপুৰ আৰু টেকন'মেইনছল্ট লেক কলকাতাই ছফ্টৱেৰ সংস্ককৰণৰ কৃষিৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিছিল। একেদৰে নেচনেল ইনষ্টিটিউট অব টেকন'ল'জি শিলচৰ আৰু আই আই আই টি নাগপুৰেও পুৰস্কাৰ লাভ কৰিছে। সেইদৰে ডাটা মেঘে কলেজ অব ইঞ্জিনিয়াৰিং, গাৱালিয়ৰৰ আই আই আই টি এণ্ড মেনেজমেণ্ট ইনষ্টিডিউট, কাণপুৰৰ ছাত্ৰপতি ছাহুজী মহাৰাজ ইউনিভাৰ্ছিটি আৰু পু...