December 11, 2024 2:18 PM

views 28

ৰাষ্ট্ৰপতি মুৰ্মু, প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্মবার্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্মবার্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰো এটা পোষ্টত প্রধানমন্ত্ৰীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক দক্ষ ৰাজনীতিক সু-প্ৰশাসক আৰু জ্ঞানৰ ভাণ্ডাৰ বুলি উল্লেখ কৰে। তেওঁ লগতে দেশৰ বিকাশত প্ৰয়াত নেতাগৰাকীৰ অৱদান অতি উল্লেখনীয় বুলি প্ৰকাশ কৰে। আন এটা বাৰ্তাত গৃহমন্ত্রী অমিত শ্বাহে দেশৰ প্ৰশাসনত প্ৰণৱ মুখাৰ্জীৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোক...

December 11, 2024 1:36 PM

views 39

সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যুটীয়া অভিযানত মাদক দ্ৰব্যসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি এজন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে বুলি প্ৰকাশ কৰিছে। ধৃত লোকজনৰ বিৰুদ্ধে সৰ্থেবাৰীৰ থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি প্ৰকাশ কৰিছে।

December 11, 2024 1:30 PM

views 41

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ’ব

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত জিলা স্বাস্থ্য বিভাগ আৰু বিশ্বনাথ শাখা স্বাস্থ্য অভিযানৰ অধীনত এই অভিযান ৰূপায়ণ কৰা হ'ব। জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি এই ৰোগৰ লক্ষণ দেখা দিয়া মাত্রেই লুকুৱাই নাৰাখি স্বাস্থ্য কৰ্মীৰ সৈতে যোগাযোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

December 11, 2024 10:29 AM

views 45

আজিৰে পৰা সকলো জিলাতে বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা অহা ১২ দিনলৈ শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। মন্ত্রী অজন্তা নেওগে যোৰহাট জিলা ষ্টেডিয়ামত দিনৰ ১১ বজাত জিলাখনৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচীও শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আনন্দৰাম বৰুৱা বঁটা আ...

December 10, 2024 9:25 PM

views 26

হাতশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ সন্দৰ্ভত বাল সভা অনুষ্ঠিত

হাতশিঙিমাৰী জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ সহযোগত আজি হাতশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ সন্দৰ্ভত এখন বাল সভা অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলা শিশু সুৰক্ষা গোটে আয়োজন কৰা এই সভাত শিশু শ্রম, শিশু সৰবৰাহ, বাল্য বিবাহ আদিকে ধৰি শিশুৰ সুৰক্ষা আৰু অধিকাৰ সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দুগৰাকী সদস্যৰ লগতে জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতিসকল উপস্থিত থাকে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ৩ শতাধিক ছাত্র-ছাত্রীয়ে অন...

December 10, 2024 8:53 PM

views 33

দেশত ২০১৫ চনৰ তুলনাত ২০২৩ চনত যক্ষ্মা ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২১.৪ শতাংশ হ্ৰাস

দেশত ২০১৫ চনৰ তুলনাত ২০২৩ চনত যক্ষ্মা ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২১.৪ শতাংশ হ্ৰাস পোৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয়, যে বিগত ৮ বছৰত প্ৰতি লাখ লোকৰ বিপৰীতে যক্ষ্মা ৰোগত আক্রান্ত লোকৰ সংখ্যা ২৮ৰ পৰা ২২লৈ হ্ৰাস পাইছে।

December 10, 2024 7:34 PM

views 42

শিৱসাগৰৰ বৰপুখুৰীত উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰপুখুৰীত কালি উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হয়। কালি পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণৰ বাবে অহা লোকে বৰপুখুৰীত এটা মৃতদেহ ওপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে সহজে ধন উপাৰ্জনৰ ফান্দত ভৰি দি সৰ্বস্বান্ত হৈয়েই এই অভিযন্তাগৰাকীয়ে আত্মহননৰ পথ বাছি লোৱা বুলি প্ৰাৰম্ভিক অনুসন্ধানত কোৱা হৈছে।

December 10, 2024 7:22 PM

views 43

অহা ২৯ ডিচেম্বৰত হ’বলগীয়া টে’ট পৰীক্ষাৰ পূৰ্বে শিক্ষা বিভাগৰ পৰীক্ষাৰ পাঠ্যক্ৰম সলনিৰ সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ বিক্ষোভ

অহা ২৯ ডিচেম্বৰত হ'বলগীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক টে’ট পৰীক্ষাৰ কেইদিনমান পূৰ্বে যোৱা ৪ ডিচেম্বৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এই পৰীক্ষাৰ পাঠ্যক্ৰম সলনি কৰা সন্দৰ্ভত আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্তই শিক্ষা বিভাগৰ এই সিদ্ধান্তই বহু শিক্ষিত যুৱক-যুৱতীৰ ক্ষতি সাধন কৰিব বুলি অভিযোগ কৰি এই পৰিৱৰ্তিত পাঠ্যক্ৰম প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

December 10, 2024 6:50 PM

views 38

মঙলদৈৰ বৰনগাওঁ নিৱাসী সৰবৰহী মহিলা ধৰ্মেশ্বৰী দেৱীৰ দেহাৱসান

মঙলদৈৰ বৰনগাওঁ নিৱাসী সৰবৰহী মহিলা ধৰ্মেশ্বৰী দেৱীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ। প্ৰয়াত দেৱী স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

December 10, 2024 6:44 PM

views 46

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ৯৮৬৪০-৫৫৫৬৬ নম্বৰৰ Whatsapp যোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰো দিহা কৰা হৈছে। অহা শনিবাৰ ১৪ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ এই ...