ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ’ব। ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত জিলা স্বাস্থ্য বিভাগ আৰু বিশ্বনাথ শাখা স্বাস্থ্য অভিযানৰ অধীনত এই অভিযান ৰূপায়ণ কৰা হ’ব। জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি এই ৰোগৰ লক্ষণ দেখা দিয়া মাত্রেই লুকুৱাই নাৰাখি স্বাস্থ্য কৰ্মীৰ সৈতে যোগাযোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
Assamese | December 11, 2024 1:30 PM | Akashvani
ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ’ব