December 13, 2024 6:30 PM | AIR GUWAHATI | Akashvani

printer

হৃদৰোগজনিত ৰোগত বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰৰ দেহাৱসান

বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰে যোৱা নিশা হৃদৰোগজনিত ৰোগত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। তেজপুৰত জন্মগ্ৰহণ কৰা মীৰা ঠাকুৰে যোৰহাটৰ দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কিছুদিন ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল। তেজত ফুলত ওঁঠত, বন বকুলৰ সুঁহুৰী, নিছিগা সুঁতাৰ ধাৰ— হৈছে তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। অসম চৰকাৰৰ সাহিত্যিক পেন্সনেৰে সন্মানিত মীৰা ঠাকুৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতেও জড়িত আছিল। ১৯৯৭ চনত তেওঁৰ কবিতা আকাশবাণীৰ সৰ্বভাৰতীয় কবি সন্মিলনলৈ নিৰ্বাচিত হৈছিল। অসম কবি সমাজ, শতদল সাহিত্য সভা, সদৌ অসম লেখিকা সন্থাকে ধৰি ভালেকেইটা সাহিত্য-সংস্কৃতি সংগঠনৰ সৈতে জড়িত মীৰা ঠাকুৰৰ নশ্বৰ দেহৰ অন্তেষ্টিক্রিয়া আজি দিনৰ ভাগত নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। ৰাজ্যখনৰ কেইবাগৰাকীও কবি, সাহিত্যিকে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।