গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে, এই পৰিয়ালসমূহক প্রশাসনে কেইবাবাৰো আঁতৰি যাবলৈ জাননী দিছিল যদিও, তেওঁলোক আঁতৰি নোযোৱাত প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয়। গোৱালপাৰা জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বালিজান ৰাজহচক্ৰ বিষয়া কেইগৰাকীৰ তত্বাৱধানত চলা এই উচ্ছেদ অভিযান কালত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Assamese | December 13, 2024 8:54 PM | Akashvani | eviction | Goalpara | goalpara eviction
বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনৰ