September 7, 2026 8:07 PM
9
গোৱালপাৰাৰ মাটিয়াত কেইবাখনো গাঁৱত উচ্ছেদ অভিযান
গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁওত মাটিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসবাস কৰি থকা পৰিয়ালসমূহৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হয়। খাৰিজা পাইকান, খামাৰ মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জৎছৰব্দি আৰু টেঙাবাৰিকে ধৰি পাঁচখন ৰাজহ গাওঁৰ মুঠ ৭৩ টা পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলোৱা হয়। খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু চৰকাৰ অনুমতি অবিহনে গৃহ নির্মাণ তথা জলাশয়ৰ লগতে প্রাকৃতিক ভাৱে পানী বৈ যোৱা পথ বন্ধ কৰাৰ অভিযোগত এই পৰিয়াল সমূহৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বুলি জিলা আযুক্ত প্রদীপ টিমু...