গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত আজি জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে উচ্ছেদ অভিযান চলায়। অঞ্চলটোৰ ১১৮ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৫৫ হেক্টৰ ভূমিত ৪৫০টা পৰিয়াল অবৈধভাৱে বসবাস কৰি আছিল। কিছুদিন পূর্বে বন বিভাগে অবৈধভাৱে বসবাস কৰা এই পৰিয়ালসমূহক উচ্ছেদ কৰাৰ জাননী জাৰি কৰিছিল। জাননী পোৱাৰ পাছতে প্ৰায়বোৰ পৰিয়ালে অঞ্চলটো ত্যাগ কৰে যদিও বাকী থকা পৰিয়ালসমূহৰ গৃহত আজি উচ্ছেদ চলোৱা হয়। উল্লেখযোগ্য যে হাতী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
Assamese | September 24, 2024 9:07 PM | goalpara eviction
গোৱালপাৰাৰ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান