June 16, 2025 7:45 PM | goalpara eviction

printer

গোৱালপাৰাৰ হাচিলাবিলত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান প্ৰশাসনৰ

গোৱালপাৰা জিলাৰ বালিজানৰ ৰাজহ চক্ৰ অন্তৰ্গত হাচিলাবিলত আজি প্ৰশাসনে দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিনৰ পৰা হাচিলাবিলৰ ভূমিত ৬৬৭টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। উচ্ছেদ অভিযানৰ পূৰ্বে একাংশ পৰিয়ালে স্ব-ইচ্ছাই সেই স্থান ত্যাগ কৰে। প্ৰশাসনে আজি সেই স্থানত উপস্থিত হৈ অৱশিষ্ট পৰিয়ালৰ প্ৰায় ৬০ শতাংশ উচ্ছেদ কৰে। বাকী পৰিয়ালসমূহৰ ঘৰ দুৱাৰ কাইলৈ উচ্ছেদ কৰা হ’ব বুলি জিলা প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিছে। উচ্ছেদস্থলীত আইন শৃংখলা যাতে অৱনতি নঘটে তাৰ বাবে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয়। জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ উপস্থিতিত এই উচ্ছেদ চলোৱা হয়। অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ আই জি পি অখিলেশ কুমাৰ সিঙেও উচ্ছেদ অভিযানৰ বুজ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।