গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁওত মাটিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসবাস কৰি থকা পৰিয়ালসমূহৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হয়। খাৰিজা পাইকান, খামাৰ মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জৎছৰব্দি আৰু টেঙাবাৰিকে ধৰি পাঁচখন ৰাজহ গাওঁৰ মুঠ ৭৩ টা পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলোৱা হয়। খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু চৰকাৰ অনুমতি অবিহনে গৃহ নির্মাণ তথা জলাশয়ৰ লগতে প্রাকৃতিক ভাৱে পানী বৈ যোৱা পথ বন্ধ কৰাৰ অভিযোগত এই পৰিয়াল সমূহৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বুলি জিলা আযুক্ত প্রদীপ টিমুঙে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জিলাখনৰ হাছিলা বিল, উৰপদ বিল আৰু কুমৰী বিলৰ লগতে বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত অঞ্চলক অতি শীঘ্ৰেই সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি বেদখল মুক্ত কৰাৰ চেষ্টা চলোৱা হব।
উল্লখেযোগ্য যে কৃষ্ণাইৰ শাৱাঘাট ভূমি সংৰক্ষণ সমিতি নামৰ সংগঠনটোৱে মাটিয়া ৰাজহ চক্ৰৰ বিভিন্ন এলেকাত মধ্যভোগীৰ জৰিয়তে দৰং, বিলাসীপাৰা, কলগিছিয়া, ধুবুৰী, মানকাছৰ আদিৰ পৰা অহা একাংশ লোকে ভূমি ক্ৰয় কৰি বসবাস কৰা বুলি প্ৰশাসনক অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত আজি প্রশাসনে উচ্ছেদ অভিযান চলায়।