গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে কালি দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাই এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰে। সংৰক্ষিত এই বনাঞ্চলত অবৈধভাৱে ৫৮০ টা পৰিয়ালে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল আৰু এমাহ পূৰ্বে প্ৰশাসনে এই লোকসকলক উচ্চেদ জাননী জাৰি কৰিছিল। এই জাননী লাভ কৰাৰ পাছতে প্রায়সমূহ পৰিয়ালে সেই স্থান ত্যাগ কৰে যদিও প্রশাসনে কালি বাকী থকা পৰিয়ালসমূহৰ ঘৰ-দুৱাৰ উচ্চেদ কৰে। উচ্চেদ সময়ত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ বাবে প্ৰশাসনে দুজন লোকক আটক কৰে। বন আৰু পৰিবেশ বিভাগৰ বিশেষ মুখ্য সচিবে শান্তিপূর্ণভাৱে এই উচ্ছেদ অভিযান সমাপন হোৱা বুলি প্ৰকাশ কৰে ।
Assamese | November 10, 2025 12:50 PM | goalpara eviction
গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ, ১,১৪০ বিঘা ভূমি দখলমুক্ত