September 19, 2025 9:05 PM
92
শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন নির্বাচন আয়োগৰ
নির্বাচন আয়োগে শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আয়োগৰ নীতি-নিয়ম অমান্য কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নির্বাচন আয়োগে জানিবলৈ দিছে। ২০১৯ চনৰ পৰা এতিয়ালৈকে ৰাজনৈতিক দলসমূহে এবাৰো নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত নির্বাচন আয়োগে যোৱা মাহত ৩৩৪টা ৰাজনৈতিক দলৰ নাম বাতিল কৰিছিল। ইয়াকে লৈ এতিয়ালৈকে বিগত দুটা মাহত মুঠ ৮০৮টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ কৰ্তন কৰা হৈছে। আয়োগে জনোৱা ...