শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছেঃ ভূপেন্দ্ৰ নাথ যাদৱ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু সংৰক্ষণ মন্ত্ৰী ভূপেন্দ্ৰ নাথ যাদৱে আজি কয়, যে শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীত অনুষ্ঠিত একত্রিংশতিতম অ’জন দিৱস উদ্‌যাপনৰ অনুষ্ঠানত দৃশ্য মাধ্যমযোগে দিয়া তেওঁৰ ভাষণত হাইড্ৰ’ ফ্লোৰো কাৰ্বনৰ উৎপাদন আৰু ব্যৱহাৰ ৬৭.০৫ শতাংশলৈ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰালয়ৰ সচিব তন্ময় কুমাৰে সকলোকে অপ্রয়োজনীয়ভাৱে হোৱা হাইড্ৰ’ ফ্লোৰো কাৰ্বনৰ ব্যৱহাৰ কমাই জৈৱ সম্পদসমূহৰ ব্যৱহাৰ বঢ়োৱাৰ অভ্যাস গঢ়ি তুলিবলৈ অনুৰোধ জনায়। মন্ত্রী যাদৱে লগতে উল্লেখ কৰে যে পৰিবেশ মন্ত্ৰালয়ে কৌশল বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সৈতে যুটীয়াভাৱে ল’বলগীয়া এটা পদক্ষেপত দেশৰ ১২০ টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলক সামৰি সেই খণ্ডত থকা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰি উলিয়াবলৈ অতি শীঘ্ৰে কেইবাটাও প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু প্রতিনিধিয়ে অংশ গ্ৰহণ কৰে।