১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে। ভাৰত-পাকিস্তানৰ যুদ্ধৰ ড০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উপলক্ষে নতুন দিল্লীত প্রবীণ সৈনিক আৰু যুদ্ধত অংশগ্ৰহণ সেনাৰ পৰিয়ালক সাক্ষাৎ কৰে। তেওঁ কয় যে প্ৰতিজন ভাৰতীয় সৈনিকে দেশৰ কাৰণে সদায়েই নিস্বাৰ্থভাৱে কাম কৰি আহিছে আৰু দেশৰ বিপদৰ সময়ত কেতিয়াও পিছ হুহকি অহা নাই। অপাৰেশ্যন সিন্দূৰৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহে দেখুওৱা সাহস আৰু সহযোগিতাই এইটো স্পষ্ট কৰে যে ভাৰতৰ বাবে এনে ধৰণৰ বিজয় ব্যতিক্ৰম নহয়, এয়া এটা অভ্যাস। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ ড০ বছৰ হোৱা উপলক্ষে আয়োজিত কার্যসূচীত সেই যুদ্ধৰ বীৰ সৈনিক তথা যুদ্ধত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰসকলৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, দেশৰ সাৰ্বভৌমত্ব আৰু একতা ৰক্ষাৰ ক্ষেত্ৰত দেশৰ জোৱানসকলৰ অৱদানক কেতিয়াও কোনো মূল্যৰ বিনিময়ত তুলনা কৰিব নোৱাৰি। শ্রীসিঙে কয় যে দেশৰ জোৱানসকলে যাতে কোনো ধৰণৰ অভাৱ অনুভৱ নকৰে তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশে নিজৰ ভাগ্য আৰু ভৱিষ্যৎ গঢ়াৰ বাবে সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে প্ৰতিগৰাকী জোৱান, প্ৰাক্তন সৈনিক আৰু মৃত সৈনিকসকলৰ পৰিয়ালৰ কল্যাণৰ বাবে চৰকাৰে মৰ্যাদা সহকাৰে কাম কৰি আছে।
Assamese | September 19, 2025 8:49 PM | Akashvani | Akashvani News
১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে