September 16, 2025 8:31 PM

views 32

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান পঞ্চম পৰ্যায়ৰ ঘোষণা

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সকলো পৰ্যায়তে পৰিষ্কাৰ পৰিচ্চন্নতাৰ অভ্যাস আৰু প্ৰথাসমূহ আনষ্ঠানিক প্রবৃত্তি পৰিণত কৰাৰ উদ্দেশ্যে মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ পঞ্চম পৰ্যায়ৰ ঘোষণা কৰিছে। অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া এই অভিযানত দায়িত্বশীল প্রশাসন, স্বচ্ছতা আৰু নাগৰিক কেন্দ্ৰীক দৃষ্টিভংগীৰ প্ৰতি মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে বিভিন্ন মন্ত্ৰালয়, স্থানীয় নিকায় আৰু আঞ্চলিক নিকায়সমূহত আধৰুৱা হৈ থকা কাম-কাজ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্...

September 16, 2025 8:26 PM

views 26

ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আর্থিক জলপানিৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি

ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আর্থিক জলপানিৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিক্ষামন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে অকল ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত, চৰকাৰী সাহায্যপ্রাপ্ত আৰু স্থানীয় নিকায়ৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েহে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ অধীনত শিক্ষাৰ্থীসকলক বছৰি ১২ হাজাৰ টকা প্ৰদান কৰা হ'ব।

September 16, 2025 8:20 PM

views 58

প্রধানমমন্ত্ৰী মোদীয়ে লাভ কৰা ১,৩০০-ৰো অধিক উপহাৰ আজিৰে পৰা অনলাইযোগে নিলাম কৰা হৈছে

প্রধানমমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা ১,৩০০-ৰো অধিক উপহাৰ আজিৰে পৰা অনলাইযোগে নিলাম কৰা হৈছে বুলি কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি প্রধানমন্ত্রীয়ে লাভ কৰা স্মাৰকৰ সপ্তমলানি ই - নিলাম অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে নিলাম কৰিবলগীয়া সামগ্ৰীসমূহৰ ভিতৰত চিত্ৰকৰ্ম, শিল্পকর্ম, ভাস্কর্য, দেৱ-দেৱীৰ মুৰ্তি আৰু অন্য কিছুমান সামগ্ৰী আছে। তেওঁ কয় যে এই নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি নমামি গংগে অভিযানৰ লেখিয়া চৰকাৰী উদ্যমসমূহত বিনিয়োগ কৰা হ'...

September 16, 2025 8:12 PM

views 50

ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ ভাৰত ভ্ৰমণৰত মৰিচাচৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামৰ

ভাৰত ভ্ৰমণৰত মৰিচাচৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। অভ্যাগত আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি, মহাসাগৰ দৃষ্টিভংগী আৰু গ্লোবেল চাউথ অর্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত বুলি বিবেচিত ৰাষ্ট্ৰসমূহৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাত মৰিচাচৰ বিশেষ স্থান আছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আৰু অংশীদাৰিত্ব ক্ৰমাৎ‍ বৃদ্ধি পাইছে আৰু এই সম্পৰ...

September 16, 2025 8:01 PM

views 65

৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ

বায়ুসেনাই আয়োজন কৰা ৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ এই অন্তিমলানি প্ৰতিযোগিতাত আজি অসমৰ গোলাঘাটৰ নুমলীগড় হাইস্কুলে গ্ৰুপৰ প্ৰথমখন খেলত আর্মী বয়জ স্কুলৰ সৈতে ২-২ গ’লত ড্র’ খেলি পইণ্ট ভগাই লয়। পিন্টু পার্ক ফুটবল ময়দানত অনুষ্ঠিত খেলখনত অসমৰ হৈ ২৭ মিনিটত পার্থ ডেকা বৰুৱাই প্ৰথমটো গ’ল কৰাৰ বিপৰীতে ৬৬ মিনিটত আকাশ লোহাৰে দ্বিতীয়টো গ'ল কৰি অসমক এক পইণ্ট দিয়াত সহায় কৰে। প্ৰতিযোগিতাৰ পৰৱৰ...

September 16, 2025 7:46 PM

views 35

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ অব্যাহত

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ আজিও অব্যাহত আছে। মৰাণ জনসাধাৰণে তিনিচুকীয়াত কালিৰে পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীত ৬ টা মৰাণ জাতীয় সংগঠনে অংশগ্ৰহণ কৰিছে। জিলাখনৰ পৰা তেল, কয়লা, গেছ, কাঠ আদি বনজ আৰু খনিজ সম্পদৰ বৰ্হি নিগমনৰ ক্ষেত্ৰত জনগোষ্ঠীটোৱে বাধা প্ৰদান কৰিছে। মাকুম, ডিগবৈ, কাকপথাৰ আদি ঠাইত অৱৰোধ কৰাত এনে সামগ্ৰী কঢ়িয়াই নিয়া শ-শ বাহন আৱদ্ধ হৈ পৰিছে। অৱৰোধ কাৰ্যসূচীৰ সমান...

September 16, 2025 7:18 PM

views 85

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কর্মশালা

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত পঞ্চায়তীৰাজৰ বিভিন্ন দিশত নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয়। গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক আৰু এই প্ৰতিষ্ঠানৰ শৰাইঘাট সম্প্ৰসাৰণ কেন্দ্ৰৰ উপ-সঞ্চালকৰ লগতে অন্যান্য কেইবাগৰাকী প্ৰশিক্ষকে অংশগ্ৰহণকাৰীসকলক পঞ্চায়তীৰাজৰ কাম-কাজৰ সঠিক ৰূপায়ণ আৰু উন্নয়নৰ বাবে প্ৰশিক্ষণ দিয়...

September 16, 2025 7:14 PM

views 74

ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকণীয়া গোবিন্দ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজি পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ ৰাইজে ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত পালন কৰা এই উৎসৱ পূৰ্বে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল যদিও পাছলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি...

September 16, 2025 7:06 PM

views 44

শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন

শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। ঠেলামৰাৰ নাহৰবাৰী নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি তেওঁ স্বাস্থ্য প্রতিষ্ঠানটোৰ সামগ্ৰিক ব্যৱস্থা, সা-সুবিধা আৰু সেৱা প্ৰদানৰ মান সন্দৰ্ভত পর্যালোচনা কৰে। চিকিৎসালয়ৰ কৰ্মচাৰী আৰু ৰোগীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীদাসে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে। এই কাৰ্যসূচীৰ অধীনত পাঁচ মাইল...

September 16, 2025 7:01 PM

views 63

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰ ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্র থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ শান্দিল্যও ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচন...