বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰ ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্র থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ শান্দিল্যও ষ্টুডিঅ’ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল’ব।
Assamese | September 16, 2025 7:01 PM | Akashvani | Akashvani News | BTC | Dristipat
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান