September 19, 2025 8:49 PM

views 26

১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে

১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে। ভাৰত-পাকিস্তানৰ যুদ্ধৰ ড০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উপলক্ষে নতুন দিল্লীত প্রবীণ সৈনিক আৰু যুদ্ধত অংশগ্ৰহণ সেনাৰ পৰিয়ালক সাক্ষাৎ কৰে। তেওঁ কয় যে প্ৰতিজন ভাৰতীয় সৈনিকে দেশৰ কাৰণে সদায়েই নিস্বাৰ্থভাৱে কাম কৰি আহিছে আৰু দেশৰ বিপদৰ সময়ত কেতিয়াও পিছ হুহকি অহা নাই। অপাৰেশ্যন সিন্দূৰৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ ক...

September 19, 2025 7:13 PM

views 18

সাহিত্যচাৰ্য্য নাহেন্দ্র পাড়ুন ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত বিশেষ আলোচনা সত্ৰ অনুষ্ঠিত

সাহিত্যচাৰ্য্য নাহেন্দ্র পাড়ুন ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি এখন বিশেষ আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰখনত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য জ্যোতি প্ৰসাদ শ‍ইকীয়াই মানুহৰ চিন্তা : কল্পনা প্রসূতৰ পৰা উত্তৰ আধুনিকতাৰ দিশে শীৰ্ষক এটা বক্তৃতা প্রদান কৰে। অনুষ্ঠানটো শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মহাদেৱ পাটগিৰি উদ্বোধন কৰে।

September 19, 2025 7:10 PM

views 34

প্ৰায় ১২০ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত প্রায় ৯ লাখ টকাৰ চেক বিতৰণ বিধায়ক তৰংগ গগৈৰ

ডিব্ৰুগড়ৰ নাহৰকটিয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে আজি সমষ্টিটোৰ প্ৰায় ১২০ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত প্রায় ৯ লাখ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণ কৰি বিধায়কগৰাকীয়ে এই ধনৰাশিৰে লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কিঞ্চিত হলেও আর্থিক আৰু মানসিক সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। চেক বিতৰণ অনুষ্ঠানত বহুকেইগৰাকী স্থানীয় সমাজ সেৱক উপস্থিত থাকে।

September 19, 2025 6:54 PM

views 416

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই…

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত সাতোঁৰাৰ সময়ত আজি দুপৰীয়া জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে। তেওঁক ততালিকে ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়া হয়। চিকিৎসকসকলে তেওঁক বচাবলৈ চলোৱা সকলো প্রচেষ্টা ব্যর্থ হয় আৰু ভাৰতীয় সময় অনুসৰি দিনৰ ২ বাজি ৪৫ মিনিটত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াই নহয়, বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে। প...

September 17, 2025 7:00 PM

views 38

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে পালন কৰা হয়। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনা কৰা হয়। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকর্মা পূজা অনুষ্ঠিত হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থান...

September 17, 2025 6:56 PM

views 27

এইমছ গুৱাহাটীত সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত

এইমছ গুৱাহাটীত আজি সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজিৰে পৰা ২ অক্টোবৰলৈ গ্ৰহণ কৰা অভিযানৰ অংশ হিচাপে এই শিবিৰ মুকলি কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই শিবিৰটো মুকলি কৰে। কাৰ্যসূচীৰ অধীনত ৰক্তদান অভিযান, পুষ্টি অভিযান, মহিলাৰ কৰ্কট ৰোগ, মানসিক স্বাস্থ্য আৰু ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰা হ'ব।

September 16, 2025 8:52 PM

views 46

দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত কলা প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কেন্দ্ৰটোৰ কলাদৰ্শন বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক ৰিচা কাম্বোজৰ পৰিকল্পনাত আয়োজিত এই প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ দ্বাৰা প্ৰভাৱিত হয়। জ্যেষ্ঠ শিল্পী মনজিৎ সিঙে আঁকা এলানি ছবি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনী কাইলৈৰ পৰা ২২ ছেপ্তেম্বৰলৈকে দিনৰ চাৰে ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈকে মুকলি থাকিব।

September 16, 2025 8:40 PM

views 50

শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছেঃ ভূপেন্দ্ৰ নাথ যাদৱ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু সংৰক্ষণ মন্ত্ৰী ভূপেন্দ্ৰ নাথ যাদৱে আজি কয়, যে শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীত অনুষ্ঠিত একত্রিংশতিতম অ'জন দিৱস উদ্‌যাপনৰ অনুষ্ঠানত দৃশ্য মাধ্যমযোগে দিয়া তেওঁৰ ভাষণত হাইড্ৰ' ফ্লোৰো কাৰ্বনৰ উৎপাদন আৰু ব্যৱহাৰ ৬৭.০৫ শতাংশলৈ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰালয়ৰ সচিব তন্ময় কুমাৰে সকলোকে অপ্রয়োজনীয়ভাৱে হোৱা হাইড্ৰ' ফ্লোৰো কাৰ্বনৰ ব্যৱহাৰ কমাই জৈৱ সম্পদসমূহ...

September 16, 2025 8:31 PM

views 32

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান পঞ্চম পৰ্যায়ৰ ঘোষণা

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সকলো পৰ্যায়তে পৰিষ্কাৰ পৰিচ্চন্নতাৰ অভ্যাস আৰু প্ৰথাসমূহ আনষ্ঠানিক প্রবৃত্তি পৰিণত কৰাৰ উদ্দেশ্যে মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ পঞ্চম পৰ্যায়ৰ ঘোষণা কৰিছে। অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া এই অভিযানত দায়িত্বশীল প্রশাসন, স্বচ্ছতা আৰু নাগৰিক কেন্দ্ৰীক দৃষ্টিভংগীৰ প্ৰতি মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে বিভিন্ন মন্ত্ৰালয়, স্থানীয় নিকায় আৰু আঞ্চলিক নিকায়সমূহত আধৰুৱা হৈ থকা কাম-কাজ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্...

September 16, 2025 8:26 PM

views 26

ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আর্থিক জলপানিৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি

ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আর্থিক জলপানিৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিক্ষামন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে অকল ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত, চৰকাৰী সাহায্যপ্রাপ্ত আৰু স্থানীয় নিকায়ৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েহে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ অধীনত শিক্ষাৰ্থীসকলক বছৰি ১২ হাজাৰ টকা প্ৰদান কৰা হ'ব।