ডিব্ৰুগড়ৰ নাহৰকটিয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে আজি সমষ্টিটোৰ প্ৰায় ১২০ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত প্রায় ৯ লাখ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণ কৰি বিধায়কগৰাকীয়ে এই ধনৰাশিৰে লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কিঞ্চিত হলেও আর্থিক আৰু মানসিক সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। চেক বিতৰণ অনুষ্ঠানত বহুকেইগৰাকী স্থানীয় সমাজ সেৱক উপস্থিত থাকে।
Assamese | September 19, 2025 7:10 PM | Akashvani Guwahati | Akashvani News
প্ৰায় ১২০ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত প্রায় ৯ লাখ টকাৰ চেক বিতৰণ বিধায়ক তৰংগ গগৈৰ