September 22, 2025 7:44 PM

views 91

যোৰহাট জিলাতো এখন জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত

ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দ...

September 22, 2025 7:36 PM

views 52

দিল্লীত প্রধানমন্ত্ৰী মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে। ' ছবকা ছাথ ছবকা বিকাশ ছবকা বিশ্বাস ছবকা প্রয়াস' শীর্ষক এই সংকলন দুটাৰ উন্মোচনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক দেশ আৰু বিদেশৰ কোটি কোটি লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে৷

September 22, 2025 7:35 PM

views 63

দেশৰ প্ৰতিৰক্ষা উদ্যোগত এক লাখ ৫০ হাজাৰ কোটি টকা মূল্যৰ সামগ্রী উৎপাদন

দেশৰ প্ৰতিৰক্ষা উদ্যোগত এক লাখ ৫০ হাজাৰ কোটি টকা মূল্যৰ সামগ্রী উৎপাদন কৰা হৈছে। একেদৰে প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিমাণে ২৩ হাজাৰ কোটি টকাৰ নিৰিখ অতিক্ৰম কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মৰক্কোত এই কথা প্ৰকাশ কৰে। দেশখনৰ ৰাবাটত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ লগতে কয়, যে ভাৰতে সম্প্রতি এশ খনতকৈও অধিক ৰাষ্ট্ৰলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰি আছে। বিগত দশকটোত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সৰ্বাত্মক অগ্রগতি লাভ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে আন্...

September 22, 2025 7:21 PM

views 72

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হ...

September 22, 2025 7:15 PM

views 48

জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয়, যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্রথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া জি এছ টিৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। এই নতুন জি এছ টি সংস্কাৰক সঞ্চয় উৎসৱ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে এই ব্যৱস্থাই কৰ ৰাহি কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰিব। এই নতুন কৰ সংস্কা...

September 22, 2025 7:11 PM

views 305

হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে সমগ্ৰ নিশা অজস্র গুণমুগ্ধৰ ভিৰ

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্...

September 19, 2025 9:10 PM

views 58

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। যোৱা নিশা আবুধাবিত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত শ্রীলংকাই আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰে। এই জয়ৰ সুবাদত শ্ৰীলংকাৰ গ্ৰুপ বিৰ পইণ্ট তালিকাত শীর্ষ স্থান দখল কৰে। গ্ৰুপটোত অন্তর্ভুক্ত বাংলাদেশেও তিনিখন খেলৰ দুখনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ স্থান নিশ্চিত কৰিছে।

September 19, 2025 9:05 PM

views 92

শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আয়োগৰ নীতি-নিয়ম অমান্য কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নির্বাচন আয়োগে জানিবলৈ দিছে। ২০১৯ চনৰ পৰা এতিয়ালৈকে ৰাজনৈতিক দলসমূহে এবাৰো নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত নির্বাচন আয়োগে যোৱা মাহত ৩৩৪টা ৰাজনৈতিক দলৰ নাম বাতিল কৰিছিল। ইয়াকে লৈ এতিয়ালৈকে বিগত দুটা মাহত মুঠ ৮০৮টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ কৰ্তন কৰা হৈছে। আয়োগে জনোৱা ...

September 19, 2025 9:00 PM

views 61

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক’পাৰ লিমিটেডৰ মাজত বুজাবুজি চুক্তিত স্বাক্ষৰ

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক'পাৰ লিমিটেডৰ মাজত আজি এখন বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে এতিয়াৰে পৰা একেলগে ক'পাৰকে ধৰি আন জটিল খনিজাত দ্রব্যসমূহ উদঘাটনৰ বাবে অন্বেষণ কৰিব। এই বুজাবুজি চুক্তিৰ সন্দৰ্ভত খনি মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োটা প্রতিষ্ঠানে একেলগে কাম কৰিবলৈ আগবাঢ়ি অহাটো দেশৰ খনিজ উদ্যোগটোৰ বাবে আশাৰ বতৰা। দেশৰ শক্তিখণ্ডৰ সুৰক্ষা, ঔদ্যোগিক উন্নয়ন আৰু প্ৰযুক্তিগত উন্নয়নত এই সমন্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মন্ত্ৰালয়ে মন্তব্...

September 19, 2025 8:55 PM

views 67

সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সঠিক আৰু সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্ববাসীক আহ্বান ভাৰতৰ

ভাৰতে সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সঠিক আৰু সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্ববাসীক আহ্বান জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে সন্ত্রাসবাদী আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ মাজত থকা যোগসূত্ৰৰ কথা সমগ্ৰ বিশ্বই অৱগত। সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই কথা জনসাধাৰণৰ মাজত অধিক স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে প্ৰতিখন দেশেই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ সকলো ধৰণৰ কাৰ...