অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক’পাৰ লিমিটেডৰ মাজত আজি এখন বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে এতিয়াৰে পৰা একেলগে ক’পাৰকে ধৰি আন জটিল খনিজাত দ্রব্যসমূহ উদঘাটনৰ বাবে অন্বেষণ কৰিব। এই বুজাবুজি চুক্তিৰ সন্দৰ্ভত খনি মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োটা প্রতিষ্ঠানে একেলগে কাম কৰিবলৈ আগবাঢ়ি অহাটো দেশৰ খনিজ উদ্যোগটোৰ বাবে আশাৰ বতৰা। দেশৰ শক্তিখণ্ডৰ সুৰক্ষা, ঔদ্যোগিক উন্নয়ন আৰু প্ৰযুক্তিগত উন্নয়নত এই সমন্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মন্ত্ৰালয়ে মন্তব্য কৰে।
Assamese | September 19, 2025 9:00 PM | Akashvani News | OIL India
অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক’পাৰ লিমিটেডৰ মাজত বুজাবুজি চুক্তিত স্বাক্ষৰ