March 3, 2025 9:11 PM

views 61

আজি বিশ্ব বন্যপ্ৰাণী দিৱস

আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি গুজৰাটৰ জুনাগড় জিলাৰ ছাছন গীত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। এই উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তমখন বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ লগতে ভিন ভিন ৰাজ্যৰ সদস্য, বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি, ৰাজ্যসমূহৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু সচিবসকলেও অংশগ্ৰহণ কৰে। অসমতো আজি বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাৰ্যসূচী লোৱা হয়। মুখ্যমন্ত্ৰী ড০ হিমন...

March 4, 2025 4:17 AM

views 48

অসমতো বিশ্ব বন্যপ্ৰাণী দিৱস পালন

আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি গুজৰাটৰ জুনাগড় জিলাৰ ছাছন গীৰত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। এই উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তমখন বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ লগতে ভিন ভিন ৰাজ্যৰ সদস্য, বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি, ৰাজ্যসমূহৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু সচিবসকলেও অংশগ্ৰহণ কৰে। অসমতো আজি বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাৰ্যসূচী লোৱা হয়। মুখ্যমন্ত্রী ড০ হিম...

February 27, 2025 3:27 PM

views 50

উপ-ৰাজ্যপালে বিধানসভাত ভাষণ দি থকাৰ সময়ত কৰা দুৰ্ব্যৱহাৰৰ বাবে দিল্লী আপৰ বিধায়কসকলক নিলম্বিত

আম আদমী পাৰ্টীৰ বিধায়কসকলে আজি দিল্লী বিধানসভাৰ বাহিৰত তেওঁলোকক সদনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে বিক্ষোভ প্ৰদৰ্শন কৰে। এই কার্যক অগণতান্ত্রিক বুলি আখ্যা দি বিৰোধী দলপতি আতিশীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে আপৰ বিধায়কসকলক সদনৰ পৰা নিলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বিধানসভাৰ চৌহদত প্ৰৱেশ কৰাত অনুমতি দিয়া হোৱা নাই। ইপিনে, মন্ত্রী কপিল মিশ্রাই কয়, যে আপৰ বিধায়কসকলক উপ-ৰাজ্যপালে বিধানসভাত ভাষণ দি থকাৰ সময়ত কৰা দুৰ্ব্যৱহাৰৰ বাবে নিলম্বিত কৰা হৈছে। শ্ৰী মিশ্ৰাই সাংবাদিকৰ আগত কয় যে আ...

February 27, 2025 3:23 PM

views 30

ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব

ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। অধ্যক্ষগৰাকীৰ এয়া হৈছে তৃতীয়টো ভাৰত ভ্ৰমণ। শ্রীমতী লেয়েনে আজি বিয়লি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধ্যক্ষগৰাকীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। ২০০৪ চনৰ পৰা ৰাজনৈতিক সম্পর্ক থকা ভাৰত আৰু ইউৰোপৰ মাজৰ বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। ইউৰোপীয় আয়োগৰ অধ্যক্ষগৰাকীৰ এই ভ্রমণে বিভিন্ন দ্বিপাক্ষিক সম্পৰ্কৰ শক্তিশালী কৰা...

February 27, 2025 3:20 PM

views 36

মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কৰে। সন্মিলনত ভাষণ শ্রী গোৱেলে কয়, যে মেক্ ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৌশলগত পদক্ষেপসমূহৰ জৰিয়তে দেশ উদ্ভাৱন আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থনৈতিক ৰূপান্তৰকৰণৰ দিশত খৰতকীয়া গতিৰে আগবাঢ়িছে। দেশত বহু সুযোগৰ এতিয়াও অন্বেষণ হোৱা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে সামগ্ৰীৰ গুণগত মান এটা উদ্বেগৰ বিষয় আছিল। কিন্তু বৰ...

February 24, 2025 8:31 PM

views 36

মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙৰ বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ

মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে আজি ৰাজ্যখনত বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ কৰে। বিত্তীয় সাক্ষৰতা-মহিলাৰ সমৃদ্ধি শীৰ্ষক বিষয়েৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত অংশ লৈ ৰাজ্যপালগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনিত হোৱাৰ বাবে সুনির্দিষ্ট আৰু স্পষ্ট নীতি যুগুত কৰি দিছে। বিত্তীয় সাক্ষৰতা বিষয়টো সকলোৱে বুজি পোৱা উচিত বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ ঘটোৱাৰ লক্ষ্যৰে ২০৪৭ চনৰ বিক...

February 24, 2025 8:25 PM

views 22

ধুবুৰীৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীৰ অভিযানত ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক

অসম আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযানৰ অংশ হিচাপে ধুবুৰী জিলাৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীয়ে অভিযান চলাই ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক কৰে। ধৃত লোকজন ইনজামুল হক ওৰফে বাপ্পী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা এখন চাৰিচকীয়া বাহন, দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

February 20, 2025 9:10 PM

views 44

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাতত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰ সৈতে মত বিনিময়ৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 20, 2025 9:05 PM

views 29

গোৱালপাৰাৰ বৰজুলিত আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰী জব্দ

গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত বৰজুলিত আজি আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰে। অভিযানত আৰক্ষীয়ে নিষিদ্ধ কফ ছিৰাপৰ বটলসহ দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটক কৰা দুয়োজনক জেৰা অব্যাহত ৰাখিছে।

February 20, 2025 9:04 PM

views 34

ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

বিশিষ্ট কথাশিল্পী, চলচ্চিত্র নির্মাতা, নাট্যকাৰ, পৰিচালক ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। সুক্ষ্ম অনুভূতি সম্পন্ন ৰচনাৰে পঢ়ুৱৈৰ চেতনাক স্পন্দিত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে। প্রান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা শ‍ইকীয়াৰ পৰিচালিত ৮ খন চলচ্চিত্ৰৰ আটাইকেইখনেই ৰাষ্ট্ৰীয়- আন্তঃৰাষ্...