অসম আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযানৰ অংশ হিচাপে ধুবুৰী জিলাৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীয়ে অভিযান চলাই ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক কৰে। ধৃত লোকজন ইনজামুল হক ওৰফে বাপ্পী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা এখন চাৰিচকীয়া বাহন, দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।
Assamese | February 24, 2025 8:25 PM | Akashvani Guwahati | Akashvani News | Local news
ধুবুৰীৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীৰ অভিযানত ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক