ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। অধ্যক্ষগৰাকীৰ এয়া হৈছে তৃতীয়টো ভাৰত ভ্ৰমণ। শ্রীমতী লেয়েনে আজি বিয়লি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধ্যক্ষগৰাকীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ’ব।
২০০৪ চনৰ পৰা ৰাজনৈতিক সম্পর্ক থকা ভাৰত আৰু ইউৰোপৰ মাজৰ বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। ইউৰোপীয় আয়োগৰ অধ্যক্ষগৰাকীৰ এই ভ্রমণে বিভিন্ন দ্বিপাক্ষিক সম্পৰ্কৰ শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিব।
Assamese | February 27, 2025 3:23 PM | Akashvani News
ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব