মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে আজি ৰাজ্যখনত বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ কৰে। বিত্তীয় সাক্ষৰতা-মহিলাৰ সমৃদ্ধি শীৰ্ষক বিষয়েৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত অংশ লৈ ৰাজ্যপালগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনিত হোৱাৰ বাবে সুনির্দিষ্ট আৰু স্পষ্ট নীতি যুগুত কৰি দিছে। বিত্তীয় সাক্ষৰতা বিষয়টো সকলোৱে বুজি পোৱা উচিত বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ ঘটোৱাৰ লক্ষ্যৰে ২০৪৭ চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে আৰু এই ক্ষেত্ৰত বিত্তীয় সাক্ষৰতা কাৰ্যসূচীয়ে ইন্ধন যোগাব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যপাল গৰাকীয়ে মিজোৰামৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানক ৰাজ্যখনৰ জনসাধাৰণক বিত্তীয় ব্যৱস্থাৰে সামৰি লোৱাটো প্ৰত্যাহ্বান হিচাপে গ্রহণ কৰিবলৈ আহ্বান জনায়।
Assamese | February 24, 2025 8:31 PM | Akashvani News | Mizoram
মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙৰ বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ