June 11, 2025 8:08 PM

views 52

আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱা সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফৰ বিষয়া আৰু জোৱানক পুৰণি আৰু অনুপযোগী ৰে'লৰ সুবিধা প্ৰদান কৰাৰ বিৰুদ্ধে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক'চিং ডিপ' বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে। শ্রীবৈষ্ণৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা বাহিনীসমূহৰ মৰ্যদা আৰু আৰামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু এ...

June 11, 2025 7:57 PM

views 46

ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিঙে জুলাইত বিশেষ অভিযানৰ মাহজোৰা দ্বিতীয় পৰ্যায় মুকলি কৰিব

কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিঙে ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে অহা জুলাইত বিশেষ অভিযানৰ মাহজোৰা দ্বিতীয় পৰ্যায় মুকলি কৰিব। পেঞ্চন আৰু পেঞ্চনাৰ কল্যান বিভাগে ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ২,২১০ টা ওজৰ আপত্তি নিষ্পত্তিৰ বাবে এই অভিযান মুকলি কৰা হ'ব। কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, পেঞ্চন বিভাগৰ সচিবৰ অধ্যক্ষতাত আজি নডেল বিষয়াসকলৰ সৈতে পেঞ্চনধাৰক সকলৰ ওজৰ আপত্তি নিষ্পত্তি সম্পৰ্কে হোৱা...

June 11, 2025 7:45 PM

views 59

৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ৩ হাজাৰ ৬৩ টকাৰে ৰূপায়ণ কৰিবলগীয়া কোদমা-বৰকাকানা আৰু ৩ হাজাৰ ৩৪২ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া বেল্লাৰি-চিকজাজু ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্প আছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ তথা ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ১৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোমা-বৰকাকানা ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্পই ৯৩৮ খন গাওঁৰ ১৫ লাখৰো অধিক লোক উপকৃত কৰিব। তেওঁ ...

June 11, 2025 7:21 PM

views 61

চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্ৰীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'বগৈ। তেওঁ কয়, যে দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটিৰ বিপৰীতে বর্তমান এক লাখ ৩০ হাজাৰ কোটি অতিক্ৰম কৰিছে। চৰকাৰে এই বছৰত এক লাখ ৭৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ ক...

June 11, 2025 7:14 PM

views 70

চাইবাৰ ক্ৰাইমৰ অপৰাধী চক্র উৎখাতৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চাইবাৰ ক্ৰাইমৰ এটা অপৰাধী চক্র উৎখাত কৰাৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কৰে। সংস্থাটোৱে চাইবাৰ ক্রাইম বিৰোধী বিশেষ অভিযানৰ অংশ হিচাপে তিনিটাকৈ স্থানত অনুসন্ধান চলায়। চি বি আইয়ে প্ৰকাশ কৰা অনুসৰি চৰকাৰী বিষয়া অথবা বিখ্যাত প্রযুক্তি সংস্থাসমূহৰ প্ৰতিনিধিৰ ৰূপত মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ লোকসকলক লক্ষ্য কৰি লোৱা ভাৰতৰ পৰা পৰিচালিত এটা চাইবাৰ ক্রাইম চক্ৰ সন্দৰ্ভত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পম খেদি সংস্থাটোৱে অভিযান চলায়। অনুস...

June 11, 2025 7:07 PM

views 47

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। এনে প্ৰচাৰৰ অংশ হিচাপে আজি আমি ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ ৰূপান্তৰ সম্পৰ্কে আলোকপাত কৰিবলৈ লৈছে। দেশত বিগত দশকত সৰ্বাত্মক আৰু সংহত দৃষ্টিভংগীৰে অভূতপূৰ্ব আন্তঃগাঁথনিৰ উন্নয়ন হৈছে। এই সময়ছোৱাত দৈনিক নিৰ্মাণ কৰা ঘাইপথৰ গড় হাৰ ৩৪ কিলোমিটাৰৰ সৰ্বকালৰ সৰ্বাধিক পৰ্যায় পাইছেগৈ। এই হাৰ ২০১৪ চনৰ তুলনাত প্ৰায...

June 11, 2025 7:03 PM

views 68

ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লাসহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ পৰিকল্পিত AXIOM অভিযান পিছুৱাই দিয়া হৈছে

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কয়, যে ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লাসহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ পৰিকল্পিত AXIOM অভিযান পিছুৱাই দিয়া হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত ড° সিঙে কয়, যে মহাকাশলৈ পঠিওৱাৰ পূৰ্বে চলোৱা পৰ্যবেক্ষণমূলক পৰীক্ষাত যানখনত কিছু বিসংগতি ধৰা পৰে। ইছৰ’, AXIOM তথা স্পেছ এক্সৰ যৌথ উদ্যোগত চলোৱা এই পৰ্যবেক্ষণৰ অন্তত যানখন মহাকাশলৈ পঠিওৱাৰ পূৰ্বে ত্রুটিমুক্ত কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

June 11, 2025 6:54 PM

views 64

নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকী উপলক্ষে সংবিধান সদনত থকা তেওঁৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ কৰে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, সাংসদ আৰু লোকসভা, ৰাজ্যসভা সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলে প্রাক্তন অধ্যক্ষগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

June 11, 2025 6:24 PM

views 55

ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ বৈঠক

ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰসংঘৰ তৃতীয় মহাসাগৰীয় সন্মিলনৰ আপাহতে অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই বহনক্ষম মীন পালন, সামুদ্রিক সম্পদৰ ব্যৱস্থাপনা আৰু সামুদ্রিক অর্থ ব্যৱস্থাৰ বিস্তৃত পৰিকাঠামোৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহনক্ষম মহাসাগৰ প্ৰশাসন আৰু মীন পালন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে। ফ্ৰান্...

June 11, 2025 6:03 PM

views 43

সর্বদলীয় প্রতিনিধি দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী স্থিতিৰ বিষয়ে ফলপ্রসূভাৱে অৱগত কৰিছেঃ সঞ্জয় ঝা

৫খন দেশলৈ যোৱা এটা সর্বদলীয় প্রতিনিধি দলক নেতৃত্ব দিয়া জে ডি ইউৰ সাংসদ সঞ্জয় ঝাই প্রতিনিধি দলটোৱে ইয়াৰ ভ্রমণকালত বিভিন্ন বৈঠকত অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী স্থিতিৰ বিষয়ে ফলপ্রসূভাৱে অৱগত কৰা বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ বিষয়ে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে গঠন কৰা দলটোৰ ইন্দোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ ফলপ্রসূ আছিল। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱ...