কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চাইবাৰ ক্ৰাইমৰ এটা অপৰাধী চক্র উৎখাত কৰাৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কৰে। সংস্থাটোৱে চাইবাৰ ক্রাইম বিৰোধী বিশেষ অভিযানৰ অংশ হিচাপে তিনিটাকৈ স্থানত অনুসন্ধান চলায়। চি বি আইয়ে প্ৰকাশ কৰা অনুসৰি চৰকাৰী বিষয়া অথবা বিখ্যাত প্রযুক্তি সংস্থাসমূহৰ প্ৰতিনিধিৰ ৰূপত মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ লোকসকলক লক্ষ্য কৰি লোৱা ভাৰতৰ পৰা পৰিচালিত এটা চাইবাৰ ক্রাইম চক্ৰ সন্দৰ্ভত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পম খেদি সংস্থাটোৱে অভিযান চলায়। অনুসন্ধানত পৰিচয় লুকুৱাই আন্তঃৰাষ্ট্ৰীয় ফোনকল কৰিব পৰা আহিলা, সামাজিক মাধ্যমৰ বিভিন্ন সূত্ৰৰ পৰা নিৰ্দিষ্ট ব্যক্তিসকলৰ যোগাযোগৰ নম্বৰ সংগ্ৰহ কৰিব পৰা প্ৰযুক্তি, বাণীবদ্ধ হৈ থকা বিশেষ কণ্ঠস্বৰ তথা চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত অন্যান্য আহিলাসমূহ জব্দ কৰা হয়।
Assamese | June 11, 2025 7:14 PM | Akashvani Guwahati | Akashvani News | CBI | Cyber crime
চাইবাৰ ক্ৰাইমৰ অপৰাধী চক্র উৎখাতৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ