September 7, 2025 8:47 PM

views 44

চাইবাৰ অপৰাধত জড়িত গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা দুজন যুৱকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক দুজন ৰণজিৎ‍ কাশ্যপ আৰু দিপাংকৰ দাস বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। যুৱক দুজনৰ পৰা ৩৪ খন এ টি এম কার্ড, ২৫ খন পাছবুক, ২৭ খন চেকবুক, ৮ খন চীমকার্ডৰ উপৰি ভালেমান আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে। অসম আৰক্ষীয়ে এই যুৱক দুজনে তেলেংগানাতো এনে ধৰণৰ অপৰাধ সংঘটিত কৰাৰ তথ্য লাভ কৰিছে।

July 24, 2025 6:42 PM

views 50

গুৱাহাটীত লুকাই থকা কেৰালা আৰু মহাৰাষ্ট্ৰৰ ৩জন চাইবাৰ অপৰাধত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ

দিছপুৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীত লুকাই থকা কেৰালা আৰু মহাৰাষ্ট্ৰৰ তিনিজন চাইবাৰ অপৰাধত অভিযুক্ত ব্যক্তিক আজি গ্ৰেপ্তাৰ কৰে। দিছপুৰ ছুপাৰ মাৰ্কেটৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে গৌতম শিরু লীনা, মহম্মদ সমীৰ আৰু অমন আছে সিন্দে নামৰ ব্যক্তি তিনিজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

June 11, 2025 7:14 PM

views 72

চাইবাৰ ক্ৰাইমৰ অপৰাধী চক্র উৎখাতৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চাইবাৰ ক্ৰাইমৰ এটা অপৰাধী চক্র উৎখাত কৰাৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কৰে। সংস্থাটোৱে চাইবাৰ ক্রাইম বিৰোধী বিশেষ অভিযানৰ অংশ হিচাপে তিনিটাকৈ স্থানত অনুসন্ধান চলায়। চি বি আইয়ে প্ৰকাশ কৰা অনুসৰি চৰকাৰী বিষয়া অথবা বিখ্যাত প্রযুক্তি সংস্থাসমূহৰ প্ৰতিনিধিৰ ৰূপত মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ লোকসকলক লক্ষ্য কৰি লোৱা ভাৰতৰ পৰা পৰিচালিত এটা চাইবাৰ ক্রাইম চক্ৰ সন্দৰ্ভত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পম খেদি সংস্থাটোৱে অভিযান চলায়। অনুস...

June 6, 2025 8:57 PM

views 56

মৰিগাঁও আৰক্ষীৰ অভিযান চলাই ৫জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বোৱালগুৰিত অভিযান চলাই পাঁচজনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। অপৰাধীকেইজন হ'ল আন্নাছ আলী, আছলাম আহমেদ, আপ্তাৰুল ইছলাম, আবু আয়ুব আনছাৰী আৰু নুৰ উদ্দিন। এই চাইবাৰ অপৰাধকাৰী কেইজনে বহু ব্যক্তিৰ নামত ভুৱা পানকাৰ্ড, আধাৰকাৰ্ড আদি নথি-পত্ৰ প্ৰস্তুত কৰি প্ৰবঞ্চনাৰে ঋণ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

January 7, 2025 8:54 PM

views 48

টেলিকম কোম্পানীসমূহৰ বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় বাৰ্তা প্ৰেৰণ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়া

যোৱা কিছুদিনত টেলিফোন কৰাৰ সময়ত টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ মোবাইল ফোনলৈ অতি বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় এটা বাৰ্তা প্ৰেৰণ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই আজি এই বিজ্ঞাপনটো সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত ছাত্ৰ সংগঠনটোৱে এই বিভ্ৰান্তিকৰ বাৰ্তাৰ প্ৰচাৰে ধ্ৰুপদী মর্যাদা লাভ কৰা অসমীয়া ভাষাৰ অৱমাননা কৰা বুলি অভিযোগ কৰিছে আৰু অবিলম্বে এই বাৰ্তাৰ প্ৰচাৰ বন্ধ কৰিবলৈ পত্রযোগে প্রধানমন্ত্ৰী আৰু...

December 10, 2024 9:05 PM

views 49

চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপর্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্ত কৰ্তাৰ পঞ্জীয়ন আৰম্ভ

আই ফ'ৰ চি অৰ্থাৎ চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপর্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্ত কৰ্তাৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, যে এই ব্যৱস্থাৰ ফলত ৫ লাখ ৬০ হাজাৰতকৈ অধিক প্রবঞ্চনামূলক লেন-দেন ৰোধ কৰি জনসাধাৰণৰ ১,৪০০ কোটিতকৈ অধিক টকা ৰক্ষা কৰিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে চাইবাৰ অপৰাধৰ মূল কেন্দ্ৰসমূহ চিনাক্ত কৰি অবাধ চাইবাৰ জালি...

November 6, 2024 1:21 PM

views 59

প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগতাৰ বাবে চাইবাৰ শাখাৰ বিজ্ঞপ্তি প্রকাশ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাইবাৰ শাখাই চাইবাৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগ কৰাৰ বাবে এখন বিজ্ঞপ্তি প্রকাশ কৰিছে। বিজ্ঞপ্তি অনুসৰি কোনো ধৰণৰ প্রলোভন বা কমিচনৰ আশাত নিজৰ বেংক একাউণ্ট অন্য কোনো ব্যক্তিক ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। তেনে কৰিলে সেই লোকজনকো চাইবাৰ অপৰাধী হিচাপে গণ্য কৰা হব। যদি কোনো বেংকৰ কৰ্মীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত সন্দেহজনক একাউণ্ট খোলাত সহায় কৰে তেন্তে তেনে বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল...

September 19, 2024 9:13 PM

views 68

মৰিগাঁৱৰ মৈৰাবাৰীত চাইবাৰ অপৰাধৰ সৈতে জড়িতৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ

মৰিগাওঁ জিলাৰ মৈৰাবাৰীত আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৱা নিশা মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মৈৰাবাৰী আৰু লাহৰীঘাটৰ বিভিন্ন অঞ্চলত অভিযান চলাই এই লোককেইজনক গ্রেপ্তাৰ কৰা হয়। লোককেইজনৰ পৰা ভালেমান আপত্তিজনক নথি-পত্র জব্দ কৰা হৈছে।

September 3, 2024 7:30 PM

views 43

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত ৪ জন যুৱকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন উজান বজাৰৰ বাবু দাস, দিছপুৰ ছুপাৰ মাৰ্কেটৰ অনভেশ চন্দ্ৰা, ভেটাপাৰাৰ চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহতু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযুক্তকেইজনৰ হাতীগাঁৱত থকা এটা ফ্লেটত অভিযান চলাই ৪৪ খন চেকবুক, ১২ খন পাছবুক, ৪৯ খন ডেবিট কার্ড, সংযুক্ত আৰৱ গণৰাজ্য আৰু থাইলেণ্ডৰ বিদেশী মুদ্রা, ১৭ খন চিম কাৰ্ডকে ধৰি বহু সা-সামগ্ৰী জব্দ কৰিছে। এই সন্দৰ্ভত আজি আয়োজিত এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক...

June 13, 2024 6:20 PM

views 53

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত ১২ জন লোকক আটক কৰে। আৰক্ষীয়ে মায়ং, লাহৰিঘাট, ভুৰাগাঁও, বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক, চেকবুক, পানকাৰ্ড, আধাৰকাৰ্ড, মোবাইল ফোন, লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে। মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে ৷ জিলাখনৰ মায়ং থানাৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে দু...