অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক দুজন ৰণজিৎ কাশ্যপ আৰু দিপাংকৰ দাস বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। যুৱক দুজনৰ পৰা ৩৪ খন এ টি এম কার্ড, ২৫ খন পাছবুক, ২৭ খন চেকবুক, ৮ খন চীমকার্ডৰ উপৰি ভালেমান আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে। অসম আৰক্ষীয়ে এই যুৱক দুজনে তেলেংগানাতো এনে ধৰণৰ অপৰাধ সংঘটিত কৰাৰ তথ্য লাভ কৰিছে।
Assamese | September 7, 2025 8:47 PM | Cyber crime
চাইবাৰ অপৰাধত জড়িত গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা দুজন যুৱকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ