প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্ৰীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ’বগৈ। তেওঁ কয়, যে দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটিৰ বিপৰীতে বর্তমান এক লাখ ৩০ হাজাৰ কোটি অতিক্ৰম কৰিছে। চৰকাৰে এই বছৰত এক লাখ ৭৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি শ্রীসিঙে লগতে উল্লেখ কৰে। সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কৌশলত আলোকপাত কৰি শ্রীসিঙে কয়, যে দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰ ভাৰতৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈছে আৰু অপাৰেচন সিন্দুৰৰ সময়ত ব্যৱহাৰ কৰা যুদ্ধৰ সামগ্ৰীসমূহ ভাৰততেই নিৰ্মাণ কৰা হৈছিল।
Assamese | June 11, 2025 7:21 PM | Akashvani | Akashvani News | India Defiance Minister | Rajnath Singh
চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ ৰাজনাথ সিং