July 17, 2025 7:47 PM

views 54

নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন

ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য আজি ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। জোৱানগৰাকীৰ শেষকৃত্যত অঞ্চলটোৰ কেইবাগৰাকীও লোকে অংশ লৈ ছহিদগৰাকীলৈ শ্ৰদ্ধা জনায়। জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি জোৱানগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পৰিয়ালটোক ৫০ লাখ টকাৰ সাহায্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ তৃতীয় নাইবা চতুৰ্থ বৰ্গৰ পদত পৰিয়া...

July 17, 2025 7:41 PM

views 63

জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ

মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে আজি ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্ত্রী পীযুষ হাজৰিকাই বকুল আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰে। তেওঁ লগতে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আৱৰ্জনা পেলাবলৈ তিনিখন বাহন মুকলি কৰে। জাগীৰোড পঞ্চায়তৰ উপৰি দেওশাল আৰু পালিগুৰি গাঁও পঞ্চায়তলৈ এই বাহনসমূহ প্ৰেৰণ কৰা হয়। অনুষ্ঠানত তেওঁ জনসাধাৰণক জাগীৰোড নগৰখনক পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ৰাখি সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ আহ্বান জন...

July 14, 2025 3:23 PM

views 44

CHANDRAYAAN-3ৰ আজি দুবছৰ সম্পূৰ্ণ

■ ভাৰতৰ বিজ্ঞান আৰু দৃঢ় সংকল্পৰ এটা ঐতিহাসিক সফলতা CHANDRAYAAN-3 য়ে আজি দুবছৰ সম্পূৰ্ণ কৰিলে। এই অভিযানৰ মূল উদ্দেশ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপৰ ওখ স্থানত এখন লেণ্ডাৰ আৰু ৰ’ভাৰ স্থাপন কৰা তথা লেণ্ডিং আৰু ৰ’ভিঙৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰা। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানে বিকশাই তোলা LVM3 M4 ৰকেটে CHANDRAYAAN-3ক ইয়াৰ কক্ষপথত সফলভাৱে স্থাপন কৰিছিল।

July 14, 2025 3:17 PM

views 41

মহাকাশচাৰী শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন ৩ জন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ’ব

■ ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন তিনিজন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কয় যে, আজি বিয়লি ৪.৩০ বজাত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ লগতে কয় যে ভাৰতীয় সময় অনুসৰি কাইলৈ বিয়লি ৩ বজাত মহাকাশচাৰীকেইজনে পৃথিৱীত পদার্পণ কৰিব। অৱতৰণৰ পিছত গ্রুপ কেপ্তেইন শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ ৭ দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযো...

July 14, 2025 3:12 PM

views 38

নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্রীয়ে এটা শোকবার্তাত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ বুদ্ধিমত্তা আৰু ভাৰত-নাইজেৰিয়া মিত্ৰতাৰ প্ৰতি থকা প্ৰতিশ্রুতিবদ্ধতা অদ্বিতীয় আছিল বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে বিভিন্ন অনুষ্ঠানত মহম্মদো বুহাৰিৰ সৈতে হোৱা বৈঠক তথা মত বিনিময়ক সোঁৱৰে। তেওঁ লগতে প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়াল তথা নাইজেৰিয়া চৰকাৰ আৰু জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

July 14, 2025 3:09 PM

views 57

নেশ্যনেল হেৰাল্ডৰ ক’লা ধন বৈধকৰণৰ গোচৰৰ ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত আদালতৰ

■ নেশ্যনেল হেৰাল্ডৰ ক'লা ধন বৈধকৰণৰ গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। আদালতে অহা ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত কৰিছে। এই বিষয়টো কংগ্ৰেছৰ নেতাকেইগৰাকীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ড গোচৰৰ ক'লা ধন বৈধকৰণৰ উত্থাপিত অভিযোগ সন্দৰ্ভত পৰিপূৰক অভিযোগনামাৰ সাক্ষ্য প্রমাণ গ্ৰহণৰ সৈতে জড়িত।অভিযুক্তসকলে অভিযোগনামাৰ সত্যাসত্য নিৰূপ...

July 14, 2025 3:00 PM

views 47

বিশাখাপট্টনমত দুদিনীয়া BIMSTEC বন্দৰ সন্মিলন উদ্বোধন কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি বিশাখাপট্টনমত দুদিনীয়া BIMSTEC বন্দৰ সন্মিলন উদ্বোধন কৰে। এই বন্দৰ সন্মিলনত বংগোপ সাগৰ উপকূলীয় ৰাষ্ট্ৰসমূহৰ মাজত আঞ্চলিক সামুদ্রিক যোগাযোগ আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত থকা প্রতিশ্রুতিবদ্ধতা সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। অনুষ্ঠানত ভাষণ দি শ্ৰী সোণোৱালে কয়, যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিয়ে আঞ্চলিক সামুদ্রিক খণ্ডত সহযোগিতাৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ইয়াৰ দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ কয়, যে হৰিৎ সাগৰ আৰু সেউজ বন্দৰৰ দ...

July 14, 2025 2:43 PM

views 56

চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ বৈঠক

● দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়োদেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ...

July 14, 2025 11:48 AM

views 61

বতৰৰ বতৰা–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰক...

July 14, 2025 11:34 AM

views 82

২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ১৩৪ সংখ্যক ডুৰাণ্ড কাপ

● ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ১৩৪ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতাৰ পূৰ্বে কালি তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "ডুৰাণ্ড কাপ ট্ৰফী ট্যূৰ" কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ ১০৭ মাউণ্টেইন ব্রিগেডৰ উদ্যোগত তথা অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয়। এই কৰ্যসূচীত সেনাবাহিনীৰ তামুলপুৰৰ ১০৭ ব্রিগেড কর্নেল ভূপেন্দ্ৰ সিং চৌধুৰী, স্থানীয় বিধায়ক জলেন দৈমাৰী, তামুলপুৰ জিলাৰ জ্যেষ্ঠ আ...